Yoga competition : অসমত প্ৰথমবাৰলৈ যোগাসন প্ৰতিযোগিতা
সদৌ অসম মাষ্টাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচন উদ্যোগত আৰু বঙাইগাঁও জিলা যোগাসন স্পৰ্টছ এছ'চিয়েচনৰ সহযোগত দেওবাৰে বঙাইগাঁৱত প্ৰথমবাৰৰ বাবে অসম ভিত্তিত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়(Yoga competition in Assam) ৷ বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই যোগাসন প্ৰতিযোগিতাৰ (Yoga competition held in Bongaigaon) ৷ 28 বছৰৰ পৰা 55 বছৰ বয়সৰ ভিতৰৰ পুৰুষ আৰু মহিলা দুয়ো শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST