Republic Day 2023: বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন

By

Published : Jan 26, 2023, 10:43 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, ২৬ জানুৱাৰী: আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। দেশজুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰিছে গণৰাজ্য দিৱস । অসমৰো প্ৰতিখন জিলাতে প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । বিদ্যালয়, চৰকাৰী কাৰ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো পুৱা পতাকা উত্তোলনেৰে এই দিৱস পালন কৰা হৈছে । ইফালে ৰাজ্যিক বিজেপিয়েও পুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি গণৰাজ্য দিৱস পালন কৰে (Republic Day celebration at Guwahati BJP office)।

গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন কৰা হয় (BJP Assam president hoists flag at Republic Day)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে । ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ চৌহদত আয়োজিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীত লোকসভাৰ সাংসদ তপন গগৈ, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাকে ধৰি বহু ন-পুৰণি বিজেপি নেতা-কৰ্মী উপস্থিত থাকে ।

পতাকা উত্তোলন কৰি সভাপতি ভৱেশ কলিতাই সমগ্ৰ দেশৰ লগতে অসমবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশখনে অধিক উন্নয়নৰ দিশে আগবাঢ়িছে বুলিও দাবী কৰে । ইফালে G-২০ সন্মিলন সন্দৰ্ভতো মন্তব্য কৰে ভৱেশ কলিতাই (G20 summit in India)। বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাইও দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । ইফালে সৰস্বতী পূজা উপলক্ষে সকলোৰে মাজত শান্তি সম্প্ৰীতি বিৰাজ কৰাৰ আশা প্ৰকাশ কৰে (Saraswati Puja 2023)।

উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীতো গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন কৰা হৈছে । দেশ-বিদেশৰ বহু নেতাক এই দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে । ইজিপ্ত ৰাষ্ট্ৰপতি এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি । ইফালে এইবাৰৰ পেৰেডত অসমৰ কামাখ্যা মন্দিৰ আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতীকপট উপস্থাপন কৰা হ'ব । ইতিমধ্যে এই গৌৰৱময় ক্ষণৰ সাক্ষী হ'বলৈ ৰৈ আছে সমগ্ৰ দেশৰ লগতে অসমৰ জনসাধাৰণ ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.