মুখ্যমন্ত্ৰীৰ সহায় লাগে মাজুলীৰ এটা পৰিয়ালক

By

Published : Aug 20, 2022, 10:26 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

মাজুলীৰ এটা দুৰ্ভগীয়া পৰিয়াল । পৰিয়ালটোৰ অন্যতম সদস্য বিশেষভাৱে সক্ষম এটি শিশুক লৈ চিন্তিত পিতৃ-মাতৃ । শিশুটোৰ চিকিৎসাৰ কথা চিন্তা কৰি চকুত টোপনি নোহোৱা হৈছে পিতৃ-মাতৃৰ । কিয়নো শিশুটোৰ চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ ধনৰ প্ৰয়োজন (Financial help for Specially abled children treatment)। কিন্তু দিন হাজিৰা কৰা পিতৃ-মাতৃৰ বাবে সেই ধন যোগাৰ কৰাটো অসম্ভৱ । মাজুলীৰ শ্ৰীৰাম দেৱত্তৰ গাঁৱৰ কণমানি শিশুটোৰ নাম হৈছে ভাস্কৰজ্যোতি পেগু । শাৰীৰিক দুৰ্বলতা দূৰ কৰিবলৈ এটা অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন । য'ত খৰচ হ'ব লক্ষাধিক টকা । ইতিমধ্যে পিতৃ-মাতৃয়ে ঘৰৰ সা-সম্পত্তি, মাটি-বাৰী বিক্ৰী কৰি ভাস্কৰৰ চিকিৎসা কৰি আছে যদিও এতিয়ালৈকে সুস্থ হোৱা নাই ভাস্কৰ । সেয়ে শিশুটোৰ চিকিৎসাৰ কিছু সহায়ৰ প্ৰয়োজন । যাৰ বাবে ৰাইজৰ ওচৰত পিতৃ-মাতৃয়ে সহায়ৰ হাত বিচাৰিছে । কেৱল এয়াই নহয় পৰিয়ালটোক সহায়ৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে (Family seeks chief minister help for child treatment)। যদি কোনো হৃদয়বান লোকে ভাস্কৰক সহায় কৰিব বিচাৰে তেনেহ'লে আগবাঢ়ি আহিব পাৰে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.