Elephant death in Jorhat: মৰিয়নিত পুনৰ ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু

By

Published : Jan 26, 2023, 12:38 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

যোৰহাট, ২৬ জানুৱাৰী:যোৰহাট জিলাৰ মৰিয়নিত পুনৰ ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু (Wild elephant killed by train hit in Mariani)। তীব্ৰ বেগী নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ গ'ল বন্য হস্তীটোৰ (Kamrup Express hits elephant at Mariani)। গিৱন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে'ল পথৰ ৩৭৫৩ নম্বৰৰ খুটাৰ সমীপত সংঘটিত হৈছে এই কৰুণ ঘটনাটো । গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ এটা জাকে ৰে'ল পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে নিশা ১০.৪৫ বজাত ১৫৯৬০ নম্বৰৰ নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত বন্য হস্তীটোৰ মৃত্যু হয় (Gibbon Sanctuary)। এই তথ্য় সদৰি কৰিছে বন বিভাগৰ  বিষয়াই ।

বন বিভাগৰ বিষয়াই উল্লেখ কৰা অনুসৰি ৬-৭ বছৰীয়া বন্য হস্তীটোক দ্ৰুত বেগী ৰে'লখনে প্ৰায় ৫০ মিটাৰ চোঁচৰাই নিয়ে । ৰে'ল পথছোৱাত বন্যহস্তীৰ অৱস্থানৰ বিষয়ে ৭.৪৫ বজাত বন বিভাগৰ হস্তী ক'ৰিডৰত কৰ্তব্যত বন কৰ্মীয়ে ৰে'ল বিভাগৰ নিয়ন্ত্ৰণ কক্ষক অৱগত কৰিছিল । ইয়াৰ পাছতো কামৰূপ এক্সপ্ৰেছখনৰ লক' পাইলটে গতি বেগ নিয়ন্ত্ৰণ নকৰাৰ ফলতেই পুনৰ এটা বন্য হস্তীয়ে মৃত্যুক আকোৱালী ল'বলগীয়া হয় ।

উল্লেখ যে, দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানত বন্য হস্তীৰ কেইবাটাও ক'ৰিডৰ আছে । আনহাতে,উক্ত স্থানতে পূৰ্বে ৪ টা বন্যহস্তীৰ দ্ৰুত বেগী ৰে'লৰ খুন্দাত মৃত্যু হৈছিল । যোৱা বছৰৰ ৯ অক্টোবৰৰ নিশাও তিনিটাকৈ বন্যহস্তীৰ দ্ৰুত বেগী ৰে'লৰ খুন্দাত মৃত্যু হৈছিল । মনকৰিবলগীয়া যে গিৱন অভয়াৰণ্য মাজেৰে ৰে'লৰ গতিবেগ ৩০ কিলমিটাৰ নিদিষ্ট কৰা হৈছে যদিও ৰে'ল বিভাগৰ লক' পাইলটে এই নিৰ্দেশ পালন নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । ৰাইজে ক্ষোভেৰে কয় যে লক' পাইলটৰ মইমতালিৰ বাবেই অভয়াৰণ্য মাজেৰে যোৱা ৰে'ল পথছোৱা বন্যহস্তীৰ বাবে মৃত্যুদূতলৈ পৰিণত হৈছে । 

উল্লেখ্য় যে, এই ঘটনাটো সংঘটিত হোৱা স্থানক পূৰ্বৰে পৰা হাতী অহা-যোৱা কৰা বাট হিচাপে চিনাক্ত কৰা হৈছিল ৷ সেইবাবে এই ঠাইৰে ৰে'ল যাওঁতে ৰে'লৰ গতি বেগ নিয়ন্ত্ৰন কৰিবলৈও বন বিভাগে ৰে'ল কৰ্তৃপক্ষক আবেদন জনাইছিল ৷ কিন্তু ৰে'ল কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই তীব্ৰ বেগী ৰে'লৰ খুন্দাত কৰুণ মৃত্যুক সাৱটি ল'ব লগায়া হ'ল বন্যহস্তীটোৱে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.