Rangia police raid against drugs : ৰঙিয়াত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক

By

Published : May 25, 2022, 1:09 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। কামৰূপ জিলা আৰক্ষীয়েও বিভিন্ন স্থানত এই নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে । তেনে এক অভিযানৰ মাজতে ৰঙিয়াত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler arrested in Rangia)। জানিব পৰা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে সোমবাৰে গধূলি অভিযান চলাইছিল । ৰঙিয়াৰ ইক' পাৰ্কত অভিযান চলাই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত দুই যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে মিহাইল নাৰ্জাৰী আৰু এলাৰ্ট মুছাহাৰী বুলি জানিব পৰা গৈছে । দুয়োৰে ঘৰ চিৰাং জিলাত । আৰক্ষীয়ে অভিযানৰ সময়ছোৱাত দুয়োজনৰ পৰা ব্ৰাউন ছুগাৰ ভৰ্তি ১৯ টা কণ্টেইনাৰ জব্দ কৰে (Drugs seized in Rangia)। ব্ৰাউন ছুগাৰখিনিৰ ওজন ৩০ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল‍্য প্ৰায় এক লাখ টকা বুলি আৰক্ষীৰ সূত্ৰই জনাইছে । আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক জেৰা অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.