Anuradha Sharma Pujari : অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো পচন্দ নকৰে অনুৰাধা শৰ্মা পূজাৰীয়ে

By

Published : Dec 25, 2022, 4:41 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বিতৰ্ক কৰি লাভ নাই ৷ সাহিত্য সভাৰ শাখাসমূহে বিচৰাজনহে জয়ী হয়, ইয়াৰ অৰ্থ অসমৰ ৰাইজে বিচৰা নহয় ৷ শনিবাৰে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ(Asam Sahitya Sabha Election) ফলাফল ঘোষণাৰ পাছত এই মন্তব্য বিশিষ্ট সাংবাদিক তথা লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ(Author Anuradha Sharma Pujari)৷ বিশিষ্ট উপন্যাসিকাগৰাকীয়ে লগতে কয়, ‘‘মই কিতাপ লিখা মানুহ ৷ মোক কলম আৰু কাগজৰহে প্ৰয়োজন ৷ মোক সভাৰ প্ৰয়োজন হোৱা নাই’’৷ লেখক হ’বৰ বাবে সাহিত্য সভাৰ প্ৰয়োজনীয়তা বিশ্বাস নকৰে বুলি মন্তব্য কৰে অনুৰাধা শৰ্মা পূজাৰীয়ে ৷ অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো পচন্দ কৰাহেঁতেন ৰাজনীতিতে নামিলোঁহেতেন বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে (Anuradha Sharma Pujari on Asam Sahitya Sabha) ৷ লগতে তেওঁ কয়- ‘‘সাহিত্য সভাৰ পৰা সাহিত্যৰ কি হ’ব সেইটো কথা নহয়, বহু মাহ ধৰি দৰমহা নোপোৱাকৈ থকা সাহিত্য সভাৰ কৰ্মচাৰীসকলে যাতে দৰমহা লাভ কৰে’’৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.