Eviction drive at Batadrava: বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালৰ কাষত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ সঁজাতী দল

By

Published : Dec 20, 2022, 11:03 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বটদ্ৰৱাৰ উচ্ছেদিত লোকৰ কাষত থিয় দিলে কংগ্ৰেছৰ সজাতি দলৰ লগতে এ আই ইউ ডি এফৰ এটা সঁজাতী দল (Eviction at Batadrava)। এ আই ইউ ডি এফ দলৰ বিধায়কৰ সমান্তৰালকৈ কংগ্ৰেছৰ বিধায়কৰ দল মঙলবাৰে আহি উপস্থিত হয় বটদ্ৰৱাত (Eviction at Batadrava encroached area) । এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, হাফিজ ৰফিকুল ইছলাম, অধিবক্তা আমিনুল ইছলাম, কৰিম উদ্দিন বৰভূঞাকে আদি কৰি সকলো বিধায়কে উচ্ছেদিত লোকক শান্তনা দিয়াৰ লগতে তেওঁলোকক ন্যায় প্ৰদান কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে । ইফালে কংগ্ৰেছ দলৰ উপ দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, ৰূপহীহাট বিধানসভা সমষ্টিৰ বিধায়ক নুৰুল হুদা, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাকে আদি কৰি কেইবাজনো বিধায়কে উচ্ছেদিত লোকৰ কাষত উপস্থিত হৈ উচ্ছেদিত লোকক শান্তনা প্ৰদান কৰে । কংগ্ৰেছে হাইডুবি ৰিজাৰ্ভৰ উচ্ছেদিত লোকসকলক ত্ৰিশ হেজাৰ টকা সাহায্য আগবঢ়াই (Congress provided held evicted people of Batadrava) ৷

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.