ETV Bharat / sukhibhava

Vegetables for diabetes patients: ডায়েবেটিছ ৰোগীৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয় এই ৩ বিধ শাক-পাচলি

author img

By

Published : Aug 20, 2023, 1:34 PM IST

ডায়েবেটিছ এনেকুৱা এটা ৰোগ, যাক চিকিৎসাৰ জৰিয়তে সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি । ইয়াক নিয়ন্ত্ৰণত ৰখাত খাদ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কিছুমান সেউজীয়া শাক-পাচলিয়ে ইয়াক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷ জানি লওক কি সেইকেইটা শাক-পাচলি ৷

These 3 vegetables are miraculous for diabetes patients!
ডায়েবেটিছ ৰোগীৰ চমৎকাৰী এইকেইটা শাক-পাচলি

বৰ্তমান সময়ত ডায়েবেটিছ ৰোগটো সমগ্ৰ বিশ্বতে দ্ৰুতগতিত শিপাই পৰিছে । কেৱল বয়োজ্যেষ্ঠই নহয়, যুৱক-যুৱতীসকলো ডায়েবেটিছৰ কবলত পৰিছে । স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, দুৰ্বল জীৱনশৈলী আৰু মানসিক চাপৰ বাবে ডায়েবেটিছৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে । ডায়েবেটিছৰ কোনো নিৰাময় নাই ৷ কেৱল ইয়াক নিয়ন্ত্ৰণ কৰি হে ৰাখিব লাগে ৷

ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল’ব লাগে । তেওঁৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যাতে তেওঁৰ শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে । ডায়েবেটিছ ৰোগীৰ তেজৰ চেনি নিয়ন্ত্ৰণত শাক-পাচলি অতিকৈয়ে সহায়ক । শাক-পাচলি খোৱাটো কেৱল ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবেই নহয়, বহু গুৰুতৰ ৰোগৰ বাবেও উপকাৰী বুলি বিবেচিত হৈছে । অৱশ্যে ডায়েবেটিছ ৰোগীয়ে কোনবোৰ শাক-পাচলি খাব লাগে জানো আহক ।

পালেং শাক

পালেং শাকক আইৰণৰ প্ৰচুৰ উৎস বুলি গণ্য কৰা হয় । ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায় । ডায়েবেটিছ ৰোগীৰ বাবে পালেং শাক কোন বৰদানতকৈ কম নহয় । এক গৱেষণাৰ মতে পালেং শাকে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে । ডায়েবেটিছ ৰোগীয়ে পালেং শাকৰ ৰস তৈয়াৰ কৰি পান কৰিব পাৰে ।

ভেন্দি

ভেন্দিত আঁহৰ পৰিমাণ বেছি থাকে । এতিয়ালৈকে কৰা গৱেষণাৰ মতে, ভেন্দি খালে তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস পায় । ভেন্দিত পোৱা আঁহে অন্ত্ৰত চেনিৰ শোষণ লেহেমীয়া কৰে । ইয়াৰ বাহিৰেও আন বহু ৰোগত ভেন্দি অতি উপকাৰী । এই সন্দৰ্ভত বহু গৱেষণা কৰা হৈছে ।

বিলাহী

মচুৰ দাইলৰ পৰা আৰম্ভ কৰি শাক-পাচলিলৈকে সকলোতে বিলাহী ব্যৱহাৰ কৰা হয় । উল্লেখ্য যে, বিলাহী ডায়েবেটিছ ৰোগীৰ বাবে অতিকৈয়ে উপকাৰী । ইয়াত লাইকোপেন নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে চুগাৰ নিয়ন্ত্ৰণত ৰাখে । ইয়াত থকা ভিটামিন চিৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । একে সময়তে ইয়াৰ উপৰিও বিলাহী খোৱাটো হৃদযন্ত্ৰৰ বাবেও ভাল বুলি বিবেচিত হয় ।

লগতে পঢ়ক: Dupartenga Health Benefits: আপোনাৰ স্বাস্থ্যৰ পক্ষে মহৌষধস্বৰূপ দুপৰ টেঙা, ইয়াৰ ২টা পাতে ৰাহি কৰিব আপোনাৰ লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.