ETV Bharat / sukhibhava

Dupartenga Health Benefits: আপোনাৰ স্বাস্থ্যৰ পক্ষে মহৌষধস্বৰূপ দুপৰ টেঙা, ইয়াৰ ২টা পাতে ৰাহি কৰিব আপোনাৰ লক্ষাধিক টকা

author img

By

Published : Aug 19, 2023, 5:30 PM IST

দুপৰ টেঙা বা পাতে গজা পাতে আমাৰ স্বাস্থ্যৰ যথেষ্ট উপকাৰিতা সাধন কৰে ৷ সেয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে তলত ইয়াৰ কিছুমান সাধাৰণ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা হ’ল...

Health benefits of dupartenga in assamese
আপোনাৰ স্বাস্থ্যৰ পক্ষে মহৌষধস্বৰূপ দুপৰ টেঙা

আমাৰ ঘৰৰ ওচৰ-চুবুৰীয়াত এনে বহুতো গছ-গছনি আমি দেখা পাওঁ আৰু প্ৰশংসা কৰো যদিও ইয়াৰ গুণৰ বিষয়ে আমি নাজানো । আমি আপোনালোকক এনে বহু গছৰ বিষয়ে তথ্য দি আহিছো ৷ কিন্তু আজি আমি যিবিধ উদ্ভিদৰ বিষয়ে উল্লেখ কৰিব ওলাইছো সেই উদ্ভিদবিধ বিভিন্ন মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে সক্ষম । দৰাচলতে আমি ক’বলৈ লৈছো দুপৰ টেঙা বা পাতে গজা পাতৰ কথা যিটো আমাৰ স্বাস্থ্যৰ পক্ষে বহু দিশত উপকাৰী ।

যদি দেখা যায়, এই গছজোপা আপোনাৰ বাবে স্বাস্থ্য গুণাগুণৰ ভঁৰাল বুলি প্ৰমাণিত হ’ব পাৰে, যাক গ্ৰহণ কৰিলে আপুনি ৰোগত খৰচ কৰা ধন ৰাহি কৰিব পাৰিব । আয়ুৰ্বেদত সকলো ধৰণৰ ঔষধ তৈয়াৰ কৰাত দুপৰ টেঙাক ব্যৱহাৰ কৰা হয় । সেয়ে আহক জানো, দুপৰ টেঙাই কোনবোৰ স্বাস্থ্যৰ সমস্যা দূৰ কৰাত সহায় কৰে ।

ষ্টোন আৰু পেটৰ পাৰ্ডক নিৰ্মূল কৰে দুপৰটেঙা পাতে

যদি আপোনাৰ পাথৰৰ সমস্যা আছে, তেন্তে দুপৰটেঙা আপোনাৰ স্বাস্থ্যৰ বাবে এক ঔষধ । ইয়াৰ বাবে দুপৰটেঙাৰ পাত কুহুমীয়া পানীৰ সৈতে খাব লাগিব । দৈনিক এই কাম কৰিলে আপুনি পাথৰৰ সমস্যাৰ পৰা সকাহ পাব পাৰে । উত্তম ফলাফলৰ বাবে ইয়াৰ ২টা পাত খালী পেটত খাব লাগে । শুকান আদাৰ গুড়ি দুপৰটেঙাৰ ৰস লগত মিহলাই খালে পেটৰ বিষৰ পৰা সকাহ পাব পাৰে । পেটৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাবলৈও ব্যৱহাৰ কৰা হয় ।

দুপৰটেঙাই দূৰ কৰে বৃক্কৰ সমস্যা

যুগ যুগ ধৰি আয়ুৰ্বেদত প্ৰস্ৰাৱৰ বিকাৰ নিৰাময়ৰ বাবে দুপৰটেঙা ব্যৱহাৰ হৈ আহিছে । যদি আপুনি ইয়াৰ ৰস খায়, তেন্তে প্ৰস্ৰাৱৰ জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ অহাৰ দৰে সমস্যাবোৰ নাইকিয়া হ’ব পাৰে । ইয়াৰ উপৰিও পাইলছৰ সমস্যা দূৰ কৰিবলৈও দুপৰটেঙা পাত উপযোগী বুলি গণ্য কৰা হয় ।

দুপৰটেঙা হৈছে ঘা আৰু ফুলাৰ বাবে মলমস্বৰূপ

ছালৰ যিকোনো ধৰণৰ ফুলা, ঘা আৰু বা মূক আঘাতৰ চিকিৎসাও দুপৰটেঙাৰ সহায়ত কৰিব পাৰি । ইয়াৰ বাবে দুপৰটেঙাৰ ৪-৫ টা পাত পিহি পেষ্ট বনাব লাগে আৰু সংক্ৰমিত ঠাইত লগাব লাগে, যাৰ ফলত আপোনাৰ ঘা আৰু ফুলা কমাবলৈ সকাহ পাব । এই পেষ্টৰ দ্বাৰা শৰীৰৰ ফোহা বা খজুৱতিৰ সমস্যাও নিৰাময় কৰিব পাৰি ।

দুপৰটেঙাই যোনিৰ সংক্ৰমণ নিৰাময় কৰে

সাধাৰণতে মহিলাসকলে যোনিৰ সংক্ৰমণৰ সমস্যাৰ সৈতে যুঁজিবলগীয়া হয় । ইয়াত খজুৱতি, জ্বলা-পোৰাৰ লগতে তেওঁলোকৰ যৌনাংগ বা কওক ব্যক্তিগত অংশত যোনিৰ পৰা স্ৰাৱ ওলায় । এই সমস্যা দূৰ কৰিবলৈ দুপৰটেঙা উপযোগী হ’ব পাৰে । ইয়াৰ বাবে দুপৰটেঙাৰ পাত পানীৰ সৈতে উতলাই কাপ পান কৰিব লাগে আৰু সোৱাদৰ বাবে ইয়াত মৌ দিব পাৰে ।

ৰক্তাক্ত ডায়েৰিয়া আৰু উচ্চ বি পি থকা লোকৰ বাবে দুপৰটেঙা উপকাৰী

যিসকল লোক ৰক্তাক্ত ডায়েৰিয়াৰ সমস্যাত অশান্তি পাইছে তেওঁলোকৰ বাবেও দুপৰটেঙা উপকাৰী । ইয়াৰ বাবে আপুনি ইয়াৰ পাতৰ পৰা ৰস উলিয়াই লয় । তাৰ পিছত তাত এচিকুট জিৰা গুড়ি আৰু আধা চামুচ ঘিউ দিব । এই মিশ্ৰণ দিনটোত দুবাৰকৈ সেৱন কৰিলে তেজ ওলোৱা ডায়েৰিয়াৰ পৰা সকাহ পাব পাৰি । ইয়াৰ উপৰিও ষ্টোনক্ৰপৰ ৰস উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত উপকাৰী ।

লগতে পঢ়ক: Health News: যদি আপুনি এচিডিটিক আওকাণ কৰি আহিছে তেন্তে হৈ যাওক সাৱধান!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.