ETV Bharat / sukhibhava

World Pneumonia Day 2022: কি উদ্দেশ্যেৰে পালন কৰা হয় বিশ্ব নিউমোনিয়া দিৱস

author img

By

Published : Nov 12, 2022, 5:08 AM IST

Know with what purpose World Pneumonia Day is celebrated and how it started
কি উদ্দেশ্যেৰে পালন কৰা হয় বিশ্ব নিমোনিয়া দিৱস তথা ইয়াৰ আৰম্ভণি কেনেকৈ হৈছিল জানি লওক

নিমোনিয়া (Pneumonia) হ’ল হাঁওফাঁওৰ সংক্ৰমণ, যি নাক আৰু ডিঙিৰ উৰ্ধৰ শ্বাসনলীৰ সংক্ৰমণৰ ফলত হয় ৷ যিকোনো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ সাধাৰণতে, 2 বছৰৰ তলৰ শিশু আৰু 65 বছৰৰ উৰ্দ্ধৰ লোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক ৷ নিমোনিয়াৰ ফলত হাঁওফাওঁত Infaction হয় লগতে হাত পানী আৰু কফ জমা হোৱাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয় ।

নিমোনিয়া (Pneumonia) হ’ল হাঁওফাঁওৰ সংক্ৰমণ, যি নাক আৰু ডিঙিৰ উৰ্ধৰ শ্বাসনলীৰ সংক্ৰমণৰ ফলত হয়(World Pneumonia Day 2022) ৷ যিকোনো বয়সৰ লোকেই এই ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ সাধাৰণতে, 2 বছৰৰ তলৰ শিশু আৰু 65 বছৰৰ উৰ্দ্ধৰ লোকৰ এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক ৷ নিমোনিয়াৰ ফলত হাঁওফাওঁত Infection হোৱাৰ লগতে হাত পানী আৰু কফ জমা হোৱাৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি হয় । একে সময়তে সময়মতে চিকিৎসা লাভ কৰিলেহে ৰোগীজন সুস্থ হৈ উঠিব পাৰে অন্যথা ই গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে(Significance of World Pneumonia Day 2022) ।

নিমোনিয়াৰ কাৰণ

নিমোনিয়াত আক্ৰান্ত হোৱাৰ কিছুমান কাৰণৰ ভিতৰত এই অন্যতম কাৰণসমূহ (Causes of pneumonia)হৈছে হস্পিচ বা প্ৰতিষ্ঠানিক পৰিৱেশত বাস কৰা, ভেণ্টিলেটৰ ব্যৱহাৰ কৰা, সঘনাই চিকিৎসালয়ত ভৰ্তি হোৱা, হাপানি, হৃদৰোগ, চিগাৰেট সেৱন কৰা, দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী, হাঁওফাঁওৰ ৰোগ যেনে COPD আদি(Chronic Obstructive Pulmonary Disease) ৷

যিসকল লোকে সুৰা বা ড্ৰাগছ অত্যধিক পৰিমাণে সেৱন কৰে, তেওঁলোকৰ খাদ্য গিলাত যথেষ্ট সমস্যাৰ সৃষ্টি হয় ৷ ইয়াৰ উপৰিও অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াৰ পৰা আৰোগ্য হোৱা (যাৰ বাবে এনাস্থেচিয়াৰ প্ৰয়োজন) আদি ব্যক্তিৰো নিমোনিয়াৰ আশংকা থাকে(Pneumonia Disease) । এই ৰোগ প্ৰতিৰোধৰ বাবে নিমোনিয়া ভেকছিন লোৱাৰ উপৰিও কেইটামান স্বাস্থ্যকৰ অভ্যাস আছে যি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে ।

বিশ্ব নিমোনিয়া দিৱসৰ ইতিহাস

২০০৯ চনৰ ১২ নৱেম্বৰত পোনপ্ৰথমবাৰৰ বাবে গ্ল’বেল ক’লিচন এগেইনষ্ট চাইল্ড নিউমোনিয়া নামৰ সংগঠনটোৱে এই দিৱস পালন কৰিছিল । তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস নতুন থিমেৰে উদযাপন কৰি অহা হৈছে(History of World Pneumonia Day) । এই ৰোগৰ বিষয়ে মানুহক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

বিশ্ব নিমোনিয়া দিৱস উপলক্ষে জানক এই ৰোগৰ পৰা নিজকে ৰক্ষা কৰাৰ কেইটামান উপায়:

1. ধূমপান পৰিহাৰ কৰক

2. গৰম পানীৰ লগতে চাবোনৰ পানীৰে হাত পৰিস্কাৰ কৰক

3. যদি আপুনি হাত ধুব পৰা নাই তেন্তে alcohol-based ছেনিটাইজাৰ ব্যৱহাৰ কৰক

4. শাৰিৰীকভাৱে অসুস্থ লোকৰ পৰা নিশ্চিত দূৰত্ব বজাই ৰাখক

5. সু-স্বাস্থ্যকৰ খাদ্যভাস গঢ়ি তোলক য’ত ফল-মূল, শাক-পাচলি, ফাইবাৰ আৰু প্ৰ’টিন অন্তৰ্ভুক্ত হৈ থাকে

6. চৰ্দি বা ফ্লু থকা লোকৰ পৰা শিশু আৰু কেঁচুৱাক আঁতৰাই ৰখাটোৱে তেওঁলোকৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে

7. আপোনাৰ শিশুটিৰ নাক পৰিস্কাৰ আৰু শুকান কৰি ৰখাত গুৰুত্ব দিয়ক

8. সন্তানক হাঁচি মাৰিবলৈ আৰু হাতৰ সলনি কিলাকুটিত কাহিবলৈ শিকাওঁক । ই আনলৈ বীজাণুৰ বিস্তাৰ হ্ৰাস কৰে ৷

যদি আপোনাৰ চৰ্দি হয় আৰু ই নিমোনিয়ালৈ পৰিৱৰ্তিত হ'ব পাৰে বুলি চিন্তিত, চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰিও আপুনি এই পৰামৰ্শবোৰ অনুসৰণ কৰিব পাৰে:

1. চৰ্দি-কাহ আদি ৰোগৰ পৰা আৰোগ্য লাভৰ পিছতো প্ৰয়োজনীয় বিশ্ৰাম গ্ৰহণ কৰক

2. তৰল খাদ্য গ্ৰহণ কৰক

3. হিউমিডিফায়াৰ ব্যৱহাৰ কৰক

4. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ভিটানিম C আদিৰ দৰে চাপ্লিমেন্ট গ্ৰহণ কৰক

অস্ত্ৰোপচাৰৰ পিছত নিমোনিয়া পৰিহাৰ কৰাৰ বাবে কিছু পৰামৰ্শ:

1. গভীৰ উশাহ আৰু কাহৰ ব্যায়ামৰ অভ্যাস কৰক

2. হাত পৰিস্কাৰ কৰি ৰাখক

4. মৌখিক পৰিস্কাৰ-পৰিচ্ছন্নতা যথেষ্ট প্ৰয়োজনীয়

5. যিমান সম্ভৱ বহিবলৈ আৰু সোনকালে খোজ কাঢ়িবলৈ চেষ্টা কৰক

লগতে পঢ়ক: Health benefits of Bamboo shoot: সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ উপকাৰী গুণাগুণেৰে পৰিপূৰ্ণ বাঁহ-গাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.