ETV Bharat / bharat

Health benefits of Bamboo shoot: সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ উপকাৰী গুণাগুণেৰে পৰিপূৰ্ণ বাঁহ-গাজ

author img

By

Published : Nov 10, 2022, 7:15 PM IST

আপুনি জানেনে আমি প্ৰায়েই ভোগ কৰি অহা এই বাঁহ-গাজৰ আছে বহু ঔষধি গুণাগুণ ৷ মেদবহুলতাৰ পৰা আদি কৰি ৰক্তহীনতা দূৰ কৰা পৰ্যন্ত উপকাৰী বাঁহ-গাজ ৷ তেন্তে জানো আহক বাঁহ-গাজে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰিতা সাধন কৰে ৷

Medicinal properties of Bamboo shoot
সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ উপকাৰী গুণাগুণেৰে পৰিপূৰ্ণ বাঁহ-গাজ

বাঁহ-গাজ হ’ল বাঁহ গছৰ গুৰিৰ পৰা নকৈ ওলোৱা কুমলীয়া গজালি বা পুলি ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয়(Medicinal properties of Bamboo shoot) ৷ বাঁহ -গাজ কেঁচাতে বা খৰিচা কৰি ভাৰতবৰ্ষ (ঘাইকৈ অসম) , চীন, জাপান, মান, য়ুগাণ্ডা, নেপাল, ভিয়েটনাম, ইণ্ডোনচিয়া, ফিলপাইনচ আদি অনেক দেশৰ মানুহে ভোগ কৰে(Medicinal properties of Bamboo shoot) ৷

কিন্তু আপুনি জানেনে আমি প্ৰায়েই ভোগ কৰি অহা এই বাঁহ-গাজৰ আছে বহু ঔষধি গুণাগুণ(Health benefits of Bamboo shoot) ৷ মেদবহুলতাৰ পৰা আদি কৰি ৰক্তহীনতা দূৰ কৰা পৰ্যন্ত উপকাৰী বাঁহ-গাজ ৷ তেন্তে জানো আহক বাঁহ-গাজে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰিতা সাধন কৰে ৷

  • মেদবহুলতা হ্ৰাস কৰাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷
  • ৰক্তচাপ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা: বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷
Medicinal properties of Bamboo shoot
সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যৰ উপকাৰী গুণাগুণেৰে পৰিপূৰ্ণ বাঁহ-গাজ
  • কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা: গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে ৷
  • শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক: বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷
  • পাকপ্ৰণালীৰ উপকাৰিতা: ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷ পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷

ইয়াৰ লগতে-

  • মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷
  • নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷
  • এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷
  • বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া–মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা-মাগুৰ মাছৰ আঞ্জা দিয়া হয় ৷
  • বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাতবিষৰ চিকিৎসাত উপযোগী ৷
  • বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে ৷ বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয় ৷
  • আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে ৷
  • চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী ৷

বাঁহ-গাজ খোৱাত কোনে সতৰ্কতা অৱলম্বন কৰিব লাগে ?

  • কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে ৷
  • গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক ৷

লগতে পঢ়ক: Carrots benefits: তেজ পৰিষ্কাৰ কৰাৰ পৰা ৰক্তহীনতালৈকে উপকাৰী গাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.