ETV Bharat / sukhibhava

Artificial Sweetener: হৃদৰোগীৰ বাবে কৃত্ৰিম চেনি কিমান নিৰাপদ ? ব্যৱহাৰ কৰাৰ পূৰ্বে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:37 PM IST

হৃদযন্ত্ৰৰ সমস্যাত ভুগি থকা লোকসকলে প্ৰায়ে চেনিৰ পৰিৱৰ্তে কৃত্ৰিম চেনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । ফিটনেছ ফ্ৰিক লোকসকলেও প্ৰায়ে ডায়েট ড্ৰিংকছ আৰু কৃত্ৰিম চেনিৰে তৈয়াৰী বস্তু সেৱন কৰা দেখা যায় । কিন্তু এই কৃত্ৰিম চেনী হৃদৰোগীৰ বাবে কিমান নিৰাপদ ৷

How safe is artificial sweetener for heart patients, know before using it
হৃদৰোগীৰ বাবে কৃত্ৰিম চেনি কিমান নিৰাপদ ? ব্যৱহাৰ কৰাৰ পূৰ্বে জানি লওক

হৃদৰোগ আৰু মেদবহুলতাত ভোগা লোকসকলে প্ৰায়ে চেনিৰ সলনি কৃত্ৰিমভাৱে প্ৰস্তুত কৰা চেনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ ফিটনেছৰ প্ৰতি সচেতন থকা লোকসকলেও প্ৰায়ে ডায়েট ড্ৰিংকছ আৰু কৃত্ৰিম চেনিৰে তৈয়াৰী বস্তু সেৱন কৰা দেখা যায় ৷ কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি কৃত্ৰিম চেনিৰ পৰা তৈয়াৰী বস্তু বৃহৎ পৰিমাণে সেৱন কৰিলে হৃদৰোগীৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত এই অধ্যয়ন অনুসৰি কেৱল পানীয়ত অন্তৰ্ভুক্ত কৃত্ৰিম চেনিৰ বাবেই নহয়, কৃত্ৰিম মিঠাই থকা বেকাৰী সামগ্ৰী, দুগ্ধজাত সামগ্ৰী আদিৰ বাবেও হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

এই সন্দৰ্ভত সমগ্ৰ বিশ্বৰ স্বাস্থ্য সম্পৰ্কীয় সংস্থাসমূহে উদ্বেগ প্ৰকাশ কৰিছে ৷ অৱশ্যে বিশেষজ্ঞসকলৰ মতে সাৱধানে সামান্য পৰিমাণে সেৱন কৰাটো ঠিকেই আছে যদিও কৃত্ৰিম মিঠাই অধিক পৰিমাণে সেৱন কৰিলে নিশ্চিতভাৱে ক্ষতি হ’ব পাৰে ৷ কৃত্ৰিম চেনিয়ে ওজন বৃদ্ধি নকৰে বুলি কোৱা কথাও সঁচা নহয় ৷ কিন্তু ৰিফাইন চেনিৰ তুলনাত ইয়াৰ ক্ষতিৰ সম্ভাৱনা যথেষ্ট কম ৷ কিন্তু, দুয়োবিধ চেনিয়েই কমকৈ সেৱন কৰাটো ভাল বুলি কোৱা হয় ৷

কৃত্ৰিম চেনি অত্যধিক সেৱনৰ ফলত হোৱা ক্ষতি

টাইপ ২ ডায়েবেটিছ: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম চেনিয়ে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

হৃদৰোগ: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম চেনিয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

কৰ্কট ৰোগ: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম চেনিয়ে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে ৷

পাচনতন্ত্ৰৰ সমস্যা: কৃত্ৰিম চেনিৰ দ্বাৰা কিছুমান মানুহৰ পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে, যেনে গেছ, পেট ফুলা, ডায়েৰিয়া আদি ৷

হতাশা: কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম চেনিয়ে হতাশা বৃদ্ধি কৰিব পাৰে ৷

লগতে পঢ়ক: Face Beauty Tips : মাখনৰ দৰে কোমল হৈ পৰিব আপোনাৰ ছাল; কেৱল এনেদৰে ব্যৱহাৰ কৰক মলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.