ETV Bharat / sukhibhava

Curry Leaves benifits : ডায়েবেটিছ, কলেষ্টেৰলৰ বাবে মহৌষধ নৰসিংহৰ পাত

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:56 AM IST

নৰসিংহ পাতৰ ঔষধি গুণাগুণ অপৰিসীম ৷ নৰসিংহ পাতে খাদ্যত সুগন্ধি আৰু সোৱাদ দুয়োটা বৃদ্ধি কৰে । কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও নৰসিংহৰ পাত অতি উপকাৰী । দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰক আৰু কেইদিনতে চাওক ফলাফল ।

Curry Leaves Health Benefits: Manage Diabetes, Weight Loss, Boost Iron Levels
নৰসিংহ পাতৰ ঔষধি গুণাগুণ

পাকঘৰত থকা আন মছলাৰ দৰেই নৰসিংহ পাতৰো সমানেই গুৰুত্ব আছে । খাদ্যত নৰসিংহ পাতৰে সোৱাদ যোগ কৰা হয় । হয়তো বহুতে নাজানে যে নৰসিংহ পাতক মিঠা নিম বুলিও কোৱা যায় । পোহা, দালি, শাক-পাচলি আৰু বহুতো ৰেচিপিত ইয়াক ব্যৱহাৰ কৰা হয় । নৰসিংহ পাতে খাদ্যত সোৱাদ বৃদ্ধি কৰাৰ লগতে সুগন্ধিও বৃদ্ধি কৰে । সোৱাদৰ লগতে নৰসিংহৰ পাত স্বাস্থ্যৰ বাবে মহৌষধ ।

নৰসিংহৰ পাতত কেলচিয়াম, মেগনেছিয়াম, কপাৰ, ফছফৰাছ, আইৰণ আদি থাকে । ইয়াৰ ঔষধি গুণৰ বাবে ইয়াৰ ব্যৱহাৰ কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ওজন হ্ৰাস কৰাই নহয়, অন্যান্য স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবেও ব্যৱহাৰ কৰা হয় । ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক এই প্ৰতিবেদনত ।

ওজন কমোৱা

বৰ্তমান সময়ত বেছিভাগ লোকেই ওজন বৃদ্ধিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, যাৰ বাবে তেওঁলোকে ডায়েটত থাকিব লগীয়া হয় । গতিকে প্ৰতিদিনে পুৱা ৫ৰ পৰা ৬টা নৰসিংহ পাত খালী পেটত সেৱন কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়া উন্নত হয় । ইয়াৰ লগে লগে আপোনাৰ ওজনো কমিবলৈ আৰম্ভ কৰিব । ডাইক্ল’ৰ’মিথেন আৰু ইথাইল এচিটেটৰ দৰে বিশেষ মৌল পোৱা যায়, যিবোৰে ওজন হ্ৰাসৰ কাম কৰে ।

ৰক্তহীনতা

ৰক্তহীনতা প্ৰতিৰোধী গুণৰ বাবে নৰসিংহ পাত ৰক্তহীনতাত আক্ৰান্ত লোকৰ বাবে অতি উপকাৰী । ইয়াত কেলচিয়াম, আইৰণ আৰু জিংক প্ৰচুৰ পৰিমাণে পোৱা যায় । তেজ শোষক মৌল ফলিক এচিড আৰু আইৰণ দুয়োটা নৰসিংহ পাতৰ ভিতৰত পোৱা যায় । এই কাৰণেই ৰক্তহীনতাত ই উপকাৰী ।

ডায়েবিটিছ

যদি আপোনাৰ ডায়েবিটিছৰ সমস্যা আছে তেন্তে আপুনি তৎক্ষণাত নৰসিংহ পাত খাবলৈ আৰম্ভ কৰিব লাগে । নৰসিংহ পাতৰ হাইপ’গ্লাইচেমিক গুণ অৰ্থাৎ চুগাৰ মাত্ৰা হ্ৰাস কৰাৰ গুণ আছে । ইয়াৰ ফলত ব্লাড চুগাৰ বৃদ্ধি নহয় আৰু ইনচুলিন সঠিকভাৱে উৎপাদিত হয় । পুৱা খালী পেটত নৰসিংহৰ পাত চোবাই খালে চুগাৰ নিয়ন্ত্ৰণত থাকে ।

কেৱল এয়াই নহয়, নৰসিংহৰ পাতকো হৃদযন্ত্ৰৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় । নৰসিংহ পাতে কলেষ্টেৰল নিয়ন্ত্ৰণতো কাম কৰে ।

লগতে পঢ়ক: Orange Health Benefits: দৈনিক ১টাকৈ খাওক কমলা; সুস্থ হৈ উঠিব আপোনাৰ ছাল-হৃদযন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.