ETV Bharat / sukhibhava

Orange Health Benefits: দৈনিক ১টাকৈ খাওক কমলা; সুস্থ হৈ উঠিব আপোনাৰ ছাল-হৃদযন্ত্ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 4:00 PM IST

কমলাৰ সোৱাদ কোনেনো ভাল নাপায়, কিছুমানে ইয়াক গোটাকৈ খায়, আনহাতে বহুতে আকৌ ইয়াৰ ৰস খাবলৈ ভাল পায়, কিন্তু এই ফলৰ কিমান উপকাৰিতা আছে সেই বিষয়ে আপুনি জানেনে ?

Eat one orange daily, your heart and skin will be healthy
দৈনিক ১টাকৈ খাওক কমলা; সুস্থ হৈ উঠিব আপোনাৰ ছাল-হৃদযন্ত্ৰ

কমলা এবিধ অতি গুণকাৰী ফল যাৰ অনেক উপকাৰ আছে ৷ এই ফল কেৱল সুস্বাদু হোৱাই নহয়, ইয়াৰ জৰিয়তে আমি বহু ৰোগৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰো ৷ এই ফলবিধত ভিটামিন চিৰ সমৃদ্ধ উৎস যিটো শৰীৰৰ বহু অংশৰ বাবে উপকাৰী বুলি বিবেচিত হয় ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে নিয়মিতভাৱে কমলা খালে স্বাস্থ্যৰ কি কি উপকাৰিতা সাধন হয় জানি লওক-

কমলা খোৱাৰ আচৰিত উপকাৰিতা

১/ সুস্থ ছাল

কমলাত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টে আমাৰ ছালখন সুস্থ কৰি তোলাত সহায় কৰে আৰু দাগ আঁতৰায় ৷ ইয়াৰ ফলত আপোনাৰ মুখখন পূৰ্বৰ তুলনাত অধিক উজ্বল হয় ৷

২/ ওজন কম হ’ব

কমলা কম কেলৰিযুক্ত উচ্চ আঁহযুক্ত ফল ৷ ইয়াৰ উপৰিও ই পানীৰ ভাল উৎস, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে ৷ যদি আপুনি পেট আৰু কঁকালৰ চৰ্বিৰ বাবে চিন্তিত তেন্তে নিশ্চিতভাৱে কমলা খাওক ৷

৩/ হৃদযন্ত্ৰৰ স্বাস্থ্য

কমলা সেৱন কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী, কাৰণ ই কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে, যাৰ ফলত উচ্চ ৰক্তচাপ, হৃদৰোগ, হৃদযন্ত্ৰৰ বিকল হোৱা, ক’ৰ’নাৰী ধমনী ৰোগ আৰু ট্ৰিপল ভেছেল ডিজিজৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷

৪/ ৰক্তহীনতা প্ৰতিৰোধ

প্ৰায়ে ৰক্তহীনতাত ভুগি থকা লোকসকলে নিয়মিতভাৱে কমলা খাব লাগে, কাৰণ ই আপোনাৰ শৰীৰত আইৰণৰ অভাৱ ৰোধ কৰে, যাৰ ফলত ৰক্তহীনতাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস হয় ৷

৫/ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক

কমলাত থকা মেগনেছিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ৷ উচ্চ ৰক্তচাপত ভোগা লোকসকলে কমলাক খাদ্যৰ অংশ হিচাপে ল’ব পাৰে ৷

৬/ ওজন কমোৱাত উপকাৰী

কমলাত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, ইয়াৰ লগতে ইয়াত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে ৷ যিটোৱে ওজন কমোৱাত সহায় কৰে ৷ আঁহযুক্ত বস্তু খালে পেটটো বেছি সময়লৈ ভৰি থাকে, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিবলৈ সহায় কৰে ৷

৭/ চকুৰ বাবে সহায়ক

কমলাত থকা বিটা-কেৰটিন চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি আৰু এন্টি-অক্সিডেন্ট গুণ থাকে, যিয়ে চকুক সুস্থ কৰি ৰখাত সহায় কৰে ৷

লগতে পঢ়ক: Benefits of Dragon Fruit: সুস্বাস্থ্যৰ বাবে নিশ্চয় খাওক এইবিধ দামী ফল; স্বাস্থ্যই লাভ কৰিব অনেক উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.