ETV Bharat / state

ULFA I Press Release: আলফাৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তিক ৰাইজৰ আদালতত কঠোৰতম শাস্তি বিহাৰ আহ্বান আলফা(স্বা)ৰ

author img

By

Published : Jul 22, 2023, 12:40 PM IST

শনিবাৰে আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত এখন প্ৰেছ বিবৃত্তি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰে ৷ গ্ৰেপ্তাৰ হোৱা আত্মসমৰ্পণকাৰী সদস্যজনৰ সৈতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ কোনো যোগসূত্ৰ নাই বুলি উল্লেখ কৰিছে বিবৃতিটোত ৷

ULFA I Press Release on Demands Money at Kakopathar
আলফা(স্বা)ৰ প্ৰেছ বিবৃত্তি

তিনিচুকীয়া, 22 জুলাই : তিনিচুকীয়া জিলাত আলফা(স্বা)ৰ নামত ধনদাবীৰ অভিযোগ পোৱাৰ পাছতে তদন্ত আৰম্ভ কৰি শুকুৰবাৰে কাকপথাৰৰ পৰা দাবী কৰা ধন নিবলৈ অহা এজনক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আলফা (স্বা) ৰ কেপ্তেইন প্ৰজিত অসম উৰফে পাইলট অসমে দাবী কৰাৰ ধন কাকপথাৰ সৰুমেচাই গাঁৱৰ আত্মসমৰ্পণকাৰী আলফা (স্বা) ৰ সঞ্জয় বৰুৱা উৰফে কবিৰ অসমে নিবলৈ আহোতেই আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনৰ পৰা আৰক্ষীয়ে এটা বেগত 15 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটকাধীন লোকজনক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ অহাৰ লগতে অধিক তথ্যৰ সন্ধানত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে জানিবলৈ দিয়া অনুসৰি, জিলাখনত দুটা ঠাইত তেনেদৰে ধনদাবী কৰাৰ অভিযোগ লাভ কৰা গৈছে আৰু এয়া কেডাৰসকলে ব্যক্তিগতভাৱে ধনদাবী কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ধনদাবী কৰা পত্ৰখন আলফা (স্বা) ৰ কোনো পেইড অথবা ষ্টাম্প ব্যৱহাৰ কৰা নাই, মাথোঁ সাধাৰণভাৱে লিখি প্ৰেৰণ কৰিছে নিজা নামত ৷ লগতে আটকাধীন সঞ্জয় বৰুৱা উৰফে কবিৰ অসমে 2019 চনত আলফা(স্বা)ৰ পৰা ওলাই আহি আত্মসমৰ্পণ কৰিছিল ৷

তাৰ পাছতে শনিবাৰে আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত এখন প্ৰেছ বিবৃতি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰে ৷ প্ৰেছ বিবৃতি অনুসৰি, সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে স্পষ্ট কৰি দিছে যে, বিগত কিছুদিন ধৰি কাকপথাৰৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়ী, ঠিকাদাৰক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত এক দুষ্টচক্ৰই বিপুল পৰিমাণৰ ধনদাবী কৰি শেহতীয়াকৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ সংগঠনৰ এগৰাকী সদস্যৰ নাম সাঙুৰি যি স্বীকাৰোক্তি প্ৰদান কৰিছে সেয়া সম্পূর্ণ ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰিছে ৷

গ্ৰেপ্তাৰ হোৱা আত্মসমৰ্পণকাৰী সদস্যজনৰ সৈতে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ কোনো যোগসূত্ৰ নাই বুলি উল্লেখ কৰিছে বিবৃতিটোত ৷ লগতে বিবৃতিটোত অসমবাসী ৰাইজক এনে বা-বাতৰিত পতিয়ন নগৈ সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ নামত ধন সংগ্ৰহ কৰা ব্যক্তিক চিনাক্ত কৰি ৰাইজৰ আদালতত ৰাইজৰ দ্বাৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৷

লগতে পঢ়ক : Nagaon police: নগাঁৱত ৰাইফলসহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.