Nagaon police: নগাঁৱত ৰাইফলসহ আটক দুজন

By

Published : Jul 22, 2023, 11:16 AM IST

thumbnail

নগাঁও, 22 জুলাই : শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে নগাঁৱৰ কেন্দুগুৰিত অভিযান চলাই এটা থ্ৰী নট থ্ৰী ৰাইফলসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত লোক দুজন জেহিৰুল ইছলাম আৰু মুদাছিৰ আলম বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পূৰ্বে নগাঁও আৰক্ষীয়ে শুকুৰবাৰে দিনৰ ভাগত পাঁচ কোটিৰো অধিক টকাৰ হেৰ'ইনসহ তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিছিল ৷

থ্ৰী নট থ্ৰী ৰাইফলসহ আটক কৰা দুয়োকে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ৷ অৱশ্যে এই থ্ৰী নট থ্ৰী ৰাইফলসহ আটক কৰা দুই অভিযুক্ত জেহেৰুল আৰু মুদাছিৰ কি কি অপৰাধত জড়িত সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

ইফালে শুকুৰবাৰে নিশাই নগাঁও আৰক্ষীৰ আন এটা দলে অভিযান চলাই ড্ৰাগছৰ বিৰুদ্ধেও লাভ কৰিছে সফলতা ৷ নিশা নগাঁৱৰ ধিং আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই 146 গ্ৰাম ওজনৰ হেৰ'ইনসহ দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধিঙৰ ধূপগুৰি অঞ্চলত অভিযান চলাই আৰক্ষীৰ দলটোৱে হেৰ'ইন ভৰ্তি দুটাকৈ চাবোনৰ বাকচ জব্দ কৰাৰ লগতে ধূপগুৰি ঢাকাইবস্তিৰ সাজাহান আলী আৰু শ'লগুৰি জানপাৰৰ জিয়াবুৰ ৰহমানক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Belsor police station : আৰক্ষীৰ চকুত ধূলি মাৰি পলায়নৰ বৃথা চেষ্টা আচামীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.