ETV Bharat / state

কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড: অগ্নিদগ্ধ পিতা-পুত্ৰ

author img

By

Published : Oct 9, 2022, 9:49 PM IST

লক্ষ্মী পূজাৰ দিনাই কাকপথাৰ ৰজাগড়ত বিধ্বংসী অগ্নিকাণ্ড (Fire in Kakopathar)৷ অগ্নিকাণ্ডটোৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত ৷

Fire in Kakopathar
কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড: অগ্নিদগ্ধ পিতা-পুত্ৰ

তিনিচুকীয়া, 9 অক্টোবৰ: ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী পূজাৰ(Lakshmi Puja) দিনাই কাকপথাৰ ৰজাগড়ত অঘটন ৷ লক্ষ্মী পূজাৰ দিনাই কাকপথাৰ ৰজাগড়ত সংঘটিত হ’ল বিধ্বংসী অগ্নিকাণ্ড(Fire in Kakopathar) ৷ এখন দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো ৷

অগ্নিকাণ্ডটোৰ ফলত দুজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোক দুগৰাকী ক্ৰমে দ্বিজেন বৰদলৈ আৰু তেওঁৰ পুত্ৰ বুলি জানিব পৰা গৈছে (Two injured in fire at Kakopotjar)৷ আহত দুয়োগৰাকীকে ততাতৈয়াকৈ কাকপথাৰ আৰক্ষীৰ(Kakopathar Police Station) বাহনেৰে চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় ৷

কাকপথাৰত বিধ্বংসী অগ্নিকাণ্ড: অগ্নিদগ্ধ পিতা-পুত্ৰ

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে আহত লোকদুগৰাকীক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় ৷ অগ্নিকাণ্ডটো সূত্ৰপাতৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল মিলনপুৰৰ গাঁও প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.