ETV Bharat / state

কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল মিলনপুৰৰ গাঁও প্ৰধান

author img

By

Published : Oct 9, 2022, 9:23 PM IST

জোনাইৰ ৰায়াঙত গাঁও প্ৰধানৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী (Rape case in Jonai) ৷ বছেৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ চলেৰে যুৱতীগৰাকীক ফুচলাই লৈ এই জঘণ্য কাণ্ড সংঘটিত কৰে গাঁও প্ৰধানজনে৷ অভিযুক্ত গাঁও প্ৰধানজনৰ নাম বিজয় দলে 9Girl sexually assaulted by village head in Jonai) ৷ বৰ্তমান ৰুকচিন আৰক্ষীয়ে অভিযুক্ত গাঁও প্ৰধানজনক পাছিঘাটৰ জেল হাজোলৈ প্ৰেৰণ কৰা হৈছে ৷

Rape case in Jonai
গাঁও প্ৰধানৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী

জোনাই, 9 অক্টোবৰ : ৰাজ্যত আকৌ সংঘটিত হৈছে যৌন নিৰ্যাতন ৷ এইবাৰ গাঁও প্ৰধানৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী (Rape case in Jonai)৷ বছেৰেকীয়া আয়ৰ প্ৰমাণ পত্ৰ উলিয়াই দিয়াৰ চলেৰে যুৱতীগৰাকী ফুচুলাই গাঁও প্ৰধানজনে অসৎ কাৰ্য সম্পন্ন কৰে ৷ অভিযুক্ত গাঁও প্ৰধানজনৰ নাম বিজয় দলে ৷

আমি কৈ থকা এই ঘটনাটো হৈছে জোনাইৰ ৰায়াঙৰ ৷ জানিব পৰা মতে, শনিবাৰে জোনাইৰ 2 নং মিলনপুৰ গাঁৱৰ গাঁও প্ৰধান বিজয় দলেয়ে ভুক্তভোগী কিশোৰীগৰাকীক বছেৰেকীয়া আয়ৰ প্ৰমান পত্ৰ উলিয়াই দিয়াৰ চলেৰে অৰুণাচল প্ৰদেশৰ ৰায়াঙলৈ লৈ যায় । তাতে কোনো লোক নথকাৰ সুযোগ লৈ কলংকিত গাঁও প্ৰধানজনে যৌন নিৰ্যাতনৰ অপচেষ্টা চলাই কিশোৰীগৰাকীক (Girl sexually assaulted by village head in Jonai)।

লগতে পঢ়ক : সাতগাঁও সেনা ছাউনীত প্ৰেম প্ৰত্যাখান কৰা বাবে যুৱতীক ছুৰিকাঘাত যুৱকৰ

তেনে সময়তে কিশোৰীগৰাকীৰ চিঞৰ-বাসৰ কৰাত ওচৰতে থকা স্থানীয় ৰাইজ তথা কৰ্মৰত অৱস্থাত থকা সেনা বাহিনীৰ কেইজনমান জোৱান সেই স্থানত আহি উপস্থিত হয় ৷ স্থানীয় লোক আৰু সেনা বাহিনীৰ জোৱানৰ তৎপৰতাত কিশোৰীগৰাকীক অভিযুক্ত বিজয় দলেৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল মিলনপুৰৰ গাঁও প্ৰধান

তাৰ পাচতে কিশোৰীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা বিজয় দলেক কৰায়ত্ত কৰি অৰুণাচলৰ ৰুকচিন আৰক্ষী থানাত চমজাই দিয়া হয় ৷ ৰুকচিন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্ত বিজয় দলেক 23/2022, u/s. 241/354/506 IPC R/w Sec 8 of Posco 5 ধাৰাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ৷

বৰ্তমান ৰুকচিন আৰক্ষীয়ে অভিযুক্ত বিজয় দলেক পাছিঘাটৰ জেল হাজোলৈ প্ৰেৰণ কৰে ৷ আনহাতে, আৰক্ষীৰ খবৰৰ ভিত্তিতে অৰুণাচলৰ ৰুকচিন আৰক্ষী থানাত উপস্থিত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক ৷ তাৰ পাচতেই পৰিয়ালৰ লোকক চমজাই দিয়া হয় ভুক্তভোগী কিশোৰীগৰাকীক ৷

লগতে পঢ়ক : ভাতৃৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হ’ল ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.