ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Aug 9, 2022, 9:00 AM IST

top ten news at 9 am
top ten news at 9 am

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ চাওক...

Militant ambush in Changlang: পাংচুুপাছৰ সেনাৰ ঘাটিত ULFA-NSCN ৰ এম্বুশ্ব

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ-পূৱত উগ্ৰপন্থী সংগঠনৰ কূটাঘাত (Militant ambush in Changlang) ৷ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী (Firing in Myanmar border) ৷ পাংচুুপাছ এলেকাত সংঘটিত হৈছে এই ঘটনা ৷ আছাম ৰাইফলছৰ সৈতে আলফা আৰু NSCN ৰ সদস্যৰ সংঘৰ্ষ ৷

Independence day 2022: কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিলে ৰাজ্যৰ মন্ত্ৰীসকলে পতাকা উত্তোলন কৰিব লগীয়া জিলাৰ তালিকা (Flag Hosting Schedule of Assam cabinet ministers) ৷ এসপ্তাহৰ পূৰ্বেই সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা মন্ত্ৰীগণক জনাই দিয়া হৈছে কোন ক'লৈ যাব লাগিব ত্ৰিৰংগ পতাকা উৰুৱাবলৈ ৷

Assam Cabinet Decision: কেবিনেটত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

জনতা ভৱনত সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত কেবিনেটৰ(Assam Cabinet Decision) বৈঠকত কেইবাখনো আইন আৰু নীতিৰ সংশোধনী প্ৰস্তাৱ গৃহীত কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুযায়ী নতুনকৈ Assam logistic policy, 2022 গৃহীত কৰা হয় । আকৌ Assam service pension rules, 1969 ৰ rules 149 ৰ সংশোধনী কৰা হৈছে ।

UGC NET 2022: ইউজিচি-নেট দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা স্থগিত

সাময়িকভাৱে স্থগিত ৰখা হৈছে ইউজিচি-নেট দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা(UGC-NET second phase examination postponed) ৷ অৱশ্যে প্ৰাৰ্থীসকলে অনলাইনযোগে ডাউনলোড কৰিব পাৰিব ইউজিচি নেট 2022 ৰ এডমিট কাৰ্ড(UGC NET 2022 Admit Card) ৷

Boat sinks at Ghiladhari river : ঘিলাধাৰী নৈত নাও ডুবি নিৰুদ্দেশ দুই মহিলা

বিশ্বনাথত অঘটন ৷ সোমবাৰে বিশ্বনাথৰ মুখৰগড়ৰ ঘিলাধাৰী নৈত সংঘটিত হয় নাও দুৰ্ঘটনা (Boat accident at Ghiladhari river) ৷ ঘিলাধাৰী নৈ পাৰ হওঁতে সংঘটিত হয় এই অঘটনটো ৷ ইতিমধ্যে জীৱন্তে উদ্ধাৰ কৰা হৈছে নাওখনত থকা 4 গৰাকী মহিলা ৷ বৰ্তমানো নিৰুদ্দেশ হৈ আছে আন 2 গৰাকী মহিলা ৷

Protest in Jantar Mantar: স্বায়ত্ব ৰাজ্যৰ দাবীত দিল্লীত ৮ জাতীয় সংগঠনৰ প্ৰতিবাদ

স্বায়ত্ব ৰাজ্যৰ দাবীত দিল্লীত ৮ সংগঠনৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ৷ কাৰ্বি আংলং আৰু ডিমা হাছাওকে ধৰি তিনি পাৰ্বত্য জিলাক সাঙুৰি সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪(ক)(Implementation of Article 244-A) ৰূপায়ণেৰে অসমৰ ভিতৰতে এখন স্বায়ত্ব ৰাজ্যৰ প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷ সাংসদ হৰেণছিং বে'ৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

Clash Between JDU and BJP : পট পৰিৱৰ্তন হ’ব নেকি বিহাৰ চৰকাৰৰ !

বিহাৰৰ ৰাজনীতিত অতি সোনকালেই ডাঙৰ পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনাই দেখা দিছে । মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Bihar CM Nitish Kumar) কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে ফোনযোগে কথা পাতিছে (Congress President Sonia Gandhi) । একে সময়তে যোৱা কেইমাহমানত বিজেপি আৰু জেডিইউৰ মাজৰ বিবাদ সন্মুখলৈ আহিছে ।

Police checking at Manikpur: ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান আৰক্ষীৰ

ৰাজপথত সাৱধান ! সমাগত স্বাধীনতা দিৱস (Independence day 2022) ৷ ৭৫ সংখ্যক স্বাধীনতা দিৱসক লৈ তৎপৰ হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে তন্ন তন্নকৈ তালাচী অভিযান চলাইছে আৰক্ষীয়ে (Police checking at Manikpur) ৷

Commonwealth Games 2022: টেবুল টেনিছৰ পুৰুষ একক শাখাৰ খিতাপ দখল শৰৎ কমলৰ

কমনৱেলথ গেমছৰ অন্তিম দিনা এটাৰ পাছত আনটো স্বৰ্ণ অৰ্জন টীম ইণ্ডিয়াৰ ৷ বেডমিন্টনৰ পাছত এইবাৰ টেবুল টেনিছৰ পুৰুষ একক শাখাত স্বৰ্ণ অৰ্জন শৰৎ কমলৰ(Sharath Kamal wins gold in table tennis) ৷ নিউজিলেণ্ডক পিছ পেলাই পদক তালিকাৰ চাৰি নম্বৰত ভাৰত ৷

Commonwealth Games 2022: বেডমিণ্টনত পুৰুষৰ ডাবলছত স্বৰ্ণ অৰ্জন সাতৱিক-চিৰাগৰ

কমনৱেলথ গেমছৰ অন্তিম দিনা বেডমিণ্টনত তিনিটাকৈ পদক অৰ্জন টীম ইণ্ডিয়াৰ ৷ মহিলা আৰু পুৰুষ একক শাখাত ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু আৰু লক্ষ্য সেনৰ পাছত এইবাৰ পুৰুষৰ ডাবলছত স্বৰ্ণ অৰ্জন কৰে সাতৱিক-চিৰাগৰ যুটিয়ে (Chirag-Satwik pair wins men's doubles gold) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.