ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 25, 2022, 1:04 PM IST

top-10-at-1-pm
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা কৰিলে গৃহ মন্ত্ৰী অমিত শ্বাহে (Amit Shah praises Lachit Borphukan)। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত ভাগ লৈ শৰাইঘাটৰ যুদ্ধৰ কথা স্মৰণ কৰিলে মন্ত্ৰীগৰাকীয়ে ।

Assam power tariff hike: উপভোক্তাৰ ওপৰত মাধমাৰ, পুনৰ বৃদ্ধি কৰা হ’ল বিদ্যুৎ মাচুল

এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৭৯ পইচালৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff to 79 paise per unit)। ডিচেম্বৰ মাহৰ পৰা গ্ৰাহকে এই বৰ্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব । ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত তিনি মাহৰ বাবে এই বৰ্ধিত বিদ্যুৎ মাচুল বাহাল থাকিব ।

Eknath Shinde to revisit Kamakhya: কামাখ্যা দৰ্শনৰ বাবে সদলবলে আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

বিগত জুনত একনাথ সিন্দে গুৱাহাটীলৈ আহিছিল শিৱসেনাৰ বিদ্ৰোহী বিধায়কৰ ৰূপত । চাৰিমাহৰ ব্যৱধানত এইবাৰ ২৬ নৱেম্বৰত একনাথ সিন্দে আহিব মুখ্যমন্ত্ৰীৰ ৰূপত । লগত আহিব মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল । মা কামাখ্যাৰ ওচৰত দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিব সিন্দে বাহিনী (Eknath Shinde to revisit Kamakhya Temple)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ সম্ভাৱনা ।

Accident In Mangaldoi: মঙলদৈত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত চাৰিজন

মঙলদৈ চহৰৰ মাজ মজিয়াত পুৱাই সংগঠিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাছ কঢ়িয়াই অনা এখন অটো ভান আৰু স্কুল বাছৰ মাজত লাগিল মুখামুখি সংঘৰ্ষ (Auto van and school bus collided head on) ৷

Sexually assaulting minor in Telangana : 7 বছৰৰ অন্তত উৎপীড়ৰ বলী এগৰাকী কিশোৰীলৈ ন্যায়

এক দীৰ্ঘ বিৰতিৰ মূৰত ন্যায় পালে এটা পৰিয়ালে ৷ 2016 চনৰ পৰা ন্যায়ৰ আশাত বন্দী আছিল পৰিয়ালটো ৷ অৱশেষত 2022 চনত ন্যায় পালে এই পৰিয়ালটোৱে ৷ তেলেংগানাৰ হায়দৰাবাদৰ POCSO আদালতে 4 বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত দুছাৰী ৰাজু ওৰফে কাতম ৰাজুক দোষী সাব্যস্ত কৰি 20 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে (Man gets 20 years in jail for sexually assaulting girl child)।

Mass shooting incident in America: অস্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত গুৰুত্ব বিডেনৰ

আমেৰিকাত চলিত বছৰটোত ৬০০তকৈও অধিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে (Mass shooting case in US this year)। য'ত বহু নিৰীহ লোক নিহত হোৱাৰ লগতে বহু লোক ঘূণীয়া হৈ পৰিছে । সেয়ে দেশখনত বন্দুক আইন অধিক কঠোৰ হোৱাটো কামনা কৰিছে ৰাষ্ট্ৰপতি জ' বিডেনে ।

Tense situation in Shillong: শ্বিলঙত উত্তেজিত জনতাই জ্বলালে আৰক্ষীৰ বাহন

শ্বিলং চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে সন্ধিয়া সৃষ্টি হয় অগ্নিগৰ্ভা পৰিস্থিতিৰ (Tense situation in Shillong) ৷ জিৰিকিন্দিঙৰ ঘটনাত নিহত সকলৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছিল সহস্ৰাধিক জনতা ৷ সেই সময়তে উত্তেজিত ৰাইজে আক্ৰমণ কৰে নিৰাপত্তা বাহিনীক (Protesters in Shillong attack security forces)৷

Crisis of Majuli family: পুত্ৰৰ চিকিৎসাৰ বাবে অৰ্থৰ প্ৰয়োজন

মাজুলীৰ শালমৰা গাঁৱৰ মণিমাধৱ নামৰ যুৱকজন জটিল ৰোগত আক্ৰান্ত (Majuli youth suffering from complex diseases)। আঢ়ৈ বছৰ বয়সৰ পৰাই অসুস্থ যুৱকজন । চিকিৎসাৰ নামত বহু ধন খৰছ হ'ল যদিও সুস্থ হোৱা নাই । যাৰ বাবে চৰকাৰ তথা ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে ।

Assam Meghalaya Border Firing: মেঘালয়ৰ ওচৰত শৰণাপন্ন হৈছে অসম চৰকাৰ: এতুৱা মুণ্ডা

অসম-মেঘালয় সীমান্তত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বন মন্ত্ৰী এতুৱা মুণ্ডাই (Atuwa Munda reacts on Assam Meghalaya border Firing issue) । দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ কেইবালানি আলোচনা হোৱাৰ পাচতো এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাতো দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনা আৰু সিদ্ধান্তক তলৰ পৰ্যায়ৰ বিষয়া তথা সৰ্ব-সাধাৰণে গ্ৰহণ কৰা নাই বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ।

Student shot dead at Bijnor : মাজ ৰাস্তাত গুলীয়াই হত্যা কৰা হ’ল কৃষ্ণক

উত্তৰ প্ৰদেশৰ বিজনোত অঘটন (Bijnor crime news) ৷ বুধবাৰে মাজ ৰাস্তাতে গুলীয়াই হত্যা কৰা হ’ল এজন ছাত্ৰক (Student shot dead at Bijnor) ৷ সমগ্ৰ ঘটনা বন্দী হৈছে CCTV কেমেৰাত ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Student murder at Bijnor) ৷ নিহত ছাত্ৰজন BBA ৰ প্ৰথম বৰ্ষত অধ্যয়নৰত কৃষ্ণ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে CCTV কেমেৰাৰ ফুটেজ ৷ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে চাৰিটা বিশেষ দলো গঠন কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.