ETV Bharat / state

খেলো ইণ্ডিয়া জুডোত তিনিচুকীয়াৰ দীপিকা বৰফুকনৰ ব্ৰঞ্জৰ পদক

author img

By

Published : Sep 1, 2022, 6:18 PM IST

Judo
Judo

গুৱাহাটীত অনুষ্ঠিত 'খেলো ইণ্ডিয়া'ত তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী খেলুৱৈয়ে (Khelo India games in Guwahati) । মহিলা জুডো প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ তিনিচুকীয়াৰ তিনিচুকীয়াৰ দীপিকা বৰফুকনৰ ।

তিনিচুকীয়া, ১ ছেপ্টেম্বৰ : গুৱাহাটীত অনুষ্ঠিত 'খেলো ইণ্ডিয়া'ত তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী খেলুৱৈয়ে (Khelo India games in Guwahati) । মহিলা জুডো প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ তিনিচুকীয়াৰ তিনিচুকীয়াৰ দীপিকা বৰফুকনৰ ।

খেলো ইণ্ডিয়া জুডোত তিনিচুকীয়াৰ দীপিকা বৰফুকনৰ ব্ৰঞ্জৰ পদক

উল্লেখ্য, যোৱা ২৭ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে গুৱাহাটীত অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া উইমেনছ জুডো নেচনেল লীগ এণ্ড ৰেংকিং টুৰ্ণামেণ্ট ইষ্ট জ'নৰ প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত দীপিকা বৰফুকনে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে (Bronze medal in Khelo India Judo) । খেলৰ অন্তত বৃহস্পতিবাৰে পুৱা নিউ তিনিচুকীয়া ৰে'ল ষ্টেচনত উপস্থিত হয় প্ৰশিক্ষকৰ লগতে তিনিচুকীয়াৰ জুডো খেলুৱৈৰ দলটো (Tinsukia judo player won bronze medal)।

উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাত পশ্চিমবংগ, ওডিশা, বিহাৰ, ঝাৰখণ্ড আদি মুঠ ১১ খন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল খেলো ইণ্ডিয়া উইমেনছ জুডো নেচনেল লীগ এণ্ড ৰেংকিং টুৰ্ণামেণ্ট ইষ্ট জ'ন প্ৰতিযোগিতাত (Khelo India Women Judo NATIONAL League) । ইয়াৰ মাজতে অসমৰ হৈ দীপিকা বৰফুকনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য, আগন্তুক অক্টোবৰ মাহত পুনৰ নৰ্থ ইষ্ট গেমছত অংশগ্ৰহণ কৰিব দীপিকাই । পদক লাভৰ পিছত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশিক্ষক, খেলুৱৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আগন্তুক সময়ত ইয়াতকৈ ভাল ফলাফল লাভ কৰাৰ কামনা কৰিছে দীপিকা বৰফুকনে (Judo player felicitated in Tinsukia) ।

লগতে পঢ়ক :শুকুৰবাৰে তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.