শুকুৰবাৰে তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ দল

author img

By

Published : Sep 1, 2022, 3:44 PM IST

Updated : Sep 8, 2022, 3:40 PM IST

Assam Forest team will move to Tamil Nadu

অসমৰ পৰা নিয়া জয়মালা নামৰ হাতীটোক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া (Elephant Jaymala brutally tortured in Tamilnadu) । হাতীটো ঘূৰ‍াই অনাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে অসম চৰকাৰে । শুকুৰবাৰে তামিলনাডুলৈ যাব বন বিভাগৰ দল (Assam Forest team will move to Tamil Nadu) । ঘূৰাই আনিব আন আঠটা হাতীও ৷

গুৱাহাটী, 1 ছেপ্তেম্বৰ : আজিও চৰ্চাত অসমৰ পৰা তামিলনাডুলৈ নিয়া জয়মালা নামৰ হাতীটো (Assam elephant Jaymala)৷ জয়মালা নামৰ হাতীটো তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাচতে সৰ্বত্ৰে এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ আনহাতে সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহো । ইয়াৰ মাজত অসম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে ৷

তামিলনাডুত আৱদ্ধ হৈ থকা অসমৰ জয়মালা নামৰ হাতীটো ঘূৰ‍াই অনাৰ বাবে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে বন বিভাগৰ এটা দল তামিলনাডুলৈ পঠিওৱা হ’ব (Assam Forest team will move to Tamil Nadu)। বন বিভাগৰ দলটোৱে জয়মালা আৰু আন 8 টা হাতী ঘূৰাই আনিবলৈ যাব ।

বন বিভাগৰ তথ্য অনুসৰি, কেৱল জয়মালা নামৰ হাতীটোৱেই নহয়, বহিঃৰাজ্য অৰ্থাৎ তামিলনাডুত অসমৰ মুঠ 9 টা হাতী অবৈধভাৱে আবদ্ধ কৰি ৰখা হৈছে ৷ এই হাতীবোৰ 2008 চনত মন্দিৰ ভ্ৰমণৰ নামত অসমৰ পৰা লীজত দিয়া হৈছিল (Assam elephant tortured in Tamilnadu) ৷ কিন্তু তেতিয়াৰ পৰা অবৈধভাৱে ৰখা হৈছে হাতীকেইটা । বৃহস্পতিবাৰে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক (PCCF) এম কে যাদৱে ই টিভি ভাৰতক এই কথা জানিবলৈ দিয়ে ৷

Assam Forest team will move to Tamil Nadu
জয়মালাৰ সন্দৰ্ভত এক বৈঠক

উল্লেখ্য যে আজি সন্ধিয়া 7 বজাত জনতা ভৱনত জয়মালাৰ সন্দৰ্ভত এক বৈঠকো অনুষ্ঠিত হ’ব ৷ এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব ৷ তথ্য অনুসৰি, তামিলনাডুৰ এটা মন্দিৰত আৱদ্ধ হৈ আছে অসমৰ জয়মালা ।

জয়মালাৰ লগতে আন 8 টা হাতী ঘূৰাই আনিবলৈ যাব দলটো । ইতিপূৰ্বে তামিলনাডু চৰকাৰক হাতীকেইটা ঘূৰাই দিয়াৰ প্ৰসংগত কেইবাৰো কোৱা হৈছিল ৷ প্ৰতিবাৰে ঘূৰাই দিবলৈ কোৱা হয় যদিও অসম চৰকাৰক তামিলনাডু চৰকাৰে আজিলৈকে সহযোগিতা কৰা নাই ।

জয়মালা নামৰ হাতীটো তামিলনাডুৰ এটা মন্দিৰৰ অধীনত থকাৰ বাবে অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান হ’ব পাৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য

Last Updated :Sep 8, 2022, 3:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.