ETV Bharat / state

Drugs paddler arrested: আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া মুন্না ভাই

author img

By

Published : Feb 27, 2023, 1:25 PM IST

তিনিচুকীয়াত ড্ৰাগছ সৰবৰাহত নামিছে চিকিৎসকৰূপী ড্ৰাগছ মাফিয়া । কাকপথাৰত ড্ৰাগছসহ ফাৰ্মাচীৰ স্বত্বাধিকাৰী ডাঃ মুন্নাভাইক আটক । বিগত ২৪ ঘণ্টাত ৬ স্থানত ড্ৰাগছসহ আটক ১১ গৰাকী ৷ কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত এটা দলে বিশেষ সুত্ৰৰ পম খেদি আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী মুন্নাভাই ওৰফে দিপক পুৰিসহ আৰু আন দুটা ড্ৰাগছ সৰবৰাহকাৰীক(Three smugglers arrested with drugs in Tinsukia) ।

Three smugglers arrested with drugs in Tinsukia
তিনিচুকীয়াত ড্ৰাগছ সৰবৰাহত নামিছে চিকিৎসকৰূপী ড্ৰাগছ মাফিয়া

আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া মুন্না ভাই

তিনিচুকীয়া,২৭ ফেব্ৰুৱাৰী: কাকপথাৰ আৰক্ষীৰ বৃহৎ সফলতা । দীৰ্ঘদিনে তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা ডাঃ মুন্নাভাই হিচাপে পৰিচিত দিপক পুৰিক হাতে লোটে আটক কৰিবলৈ সক্ষম হয় কাকপথাৰ আৰক্ষী । দীৰ্ঘদিনে লাভ কৰি অহা বহু অভিযোগৰ ভিত্তিত কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত এটা দলে বিশেষ সূত্ৰৰ পমখেদি দেওবাৰে গন্ধৈগুৰি তিনিআলি পথত হাতে লোটে আটক কৰে ডাঃ মুন্নাভাই এম বি বি এছ ওৰফে দিপক পুৰিসহ আৰু আন দুটা ড্ৰাগছ সৰবৰাহকাৰীক(Three smugglers arrested with drugs in Tinsukia) ।

জানিব পৰা মতে মুন্নাবাই ওৰফে দিপক পুৰি হৈছে কপথাৰ থানাৰ অন্তৰ্গত ডিৰাক চাৰি আলিত থকা এখন নামবিহীন ফাৰ্মাচীৰ স্বত্বাধিকাৰী তথা নেপালী হাঁহখাটি গাঁৱৰ পৰশুৰাম পুৰিৰ পুত্ৰ । দিপক পুৰিৰ বিৰুদ্ধে পূৰ্বেও বহুসময়ত বিভিন্ন প্ৰান্তত ভূৱা চিকিৎসক হিচাপে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল(Fake doctor involved in drug trafficking) । আনহাতে দিপকৰ নামবিহীন ফাৰ্মাচীখনতেই নিচা মুক্ত কৰাৰ অজুহাতত নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগো উত্থাপন কৰিছিল বহুজনে ।

আৰক্ষীয়ে মুন্নাভাইৰ লগত আটক কৰা আন দুটা সৰবৰাহকাৰী হৈছে হাহঁখাটি পথাৰ গাঁৱৰ তিলবাহাদুৰ ভাণ্ডাৰীৰ পুত্ৰ কুমাৰ ভাণ্ডাৰী আৰু ডিৰাক তৰাজনীয়া গাঁৱৰ মনিৰাম হাজৰিকা ৷ আৰক্ষীয়ে দিপক পুৰিসহ দলটোৰ পৰা উদ্ধাৰ কৰিছে ১২.৫০ গ্ৰামৰ ৪ টা ড্ৰাগছভৰ্ত্তি কণ্টেইনাৰ, ৫ টা মোবাইল ফোনসহ এখন AS23 D4932 নম্বৰৰ মাৰুতি কাৰ ৷ পৰৱৰ্তী সময়ৰ উক্ত ঘটনাৰ সন্দৰ্ভত কাকপথাৰ আৰক্ষীয়ে 21B/29NDPS act ৰ অধীনত ১৯/২০২৩ নম্বৰত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি তিনিচুকীয়া জিলাখনত আৰক্ষীয়ে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে(Anti drugs mission in Tinsukia) ৷ শেহতীয়াকৈ যেন তিনিচুকীয়াত ফাৰ্মাচীৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত জৰিত থাকি একাংশই চলাই গৈছে মাৰাত্মক ড্ৰাগছৰ সৰবৰাহ ৷ ২৩ ফেব্ৰুৱাৰীত তিনিচুকীয়াত বৰগুৰিৰ কুলেন মৰাণ আৰু হিজুগুৰিৰ শ্বৰিফ আহমেদক ড্ৰাগছসহ আটক কৰাৰ পাছত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ এখন ফাৰ্মাচীৰ গোপন কোঠাত জব্দ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ ।

সমান্তৰালভাৱে ২৫ ফেব্ৰুৱাৰীত তিনিচুকীয়াৰ মা কামাখ্যা নামৰ এখন চছমা দোকানৰ পৰা ড্ৰাগছসহ অজয় ঠাকুৰীয়া নামৰ এজনক আটক কৰিছিল । পৰৱৰ্তী সময়ত পুনৰ বৰদলৈ নগৰৰ ঠাকুৰীয়াৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল ১১.৭ গ্ৰাম ড্ৰাগছসহ চিৰিঞ্জ আৰু নগদ ধন ৷ দেওওবাৰে পুনৰ তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ চেক্টৰ নং ৩ ৰ উপ পথ নং ৭ ৰ শদিয়াৰ জনৈক দেউৰী আৰু ডিব্ৰুগড়ৰ জনৈক বাৰ্মাৰ বাসগৃহত অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে দুগৰাকী যুৱতীক(Drugs seized in Tinsukia) ৷

তিনিচুকীয়া আৰক্ষীয়ে শেহতীয়াকৈ জানিব দিয়া অনুসৰি জিলাখনত বিগত ২৪ ঘণ্টাত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ৬ টাকৈ স্থানত অভিযান চলাই ১১ গৰাকী পুৰুষ মহিলাক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আহিবলগীয়া সময়তো প্ৰতিটো মূহূৰ্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ গতিত অব্যাহত থাকিব ৷ গতিকে এইক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা আহ্বান জনাইছে তিনিচুকীয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক: AIUDF chief visits fire victims in Hatigaon: সাহায্য ঘোষণা কৰিবলৈ গৈ জনৰোষত সাংসদ আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.