ETV Bharat / state

AIUDF chief visits fire victims in Hatigaon: সাহায্য ঘোষণা কৰিবলৈ গৈ জনৰোষত সাংসদ আজমল

author img

By

Published : Feb 27, 2023, 9:26 AM IST

Updated : Feb 27, 2023, 9:58 AM IST

হাতীগাঁৱৰ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হৈছিল সাংসদ বদৰুদ্দিন আজমলৰ লগতে দলটোৰ একাংশ সদস্য (MP Badruddin Ajmal visits fire victims at Hatigaon) ৷ ঘটনাস্থলীত সাংসদগৰাকীৰ উপস্থিতিৰ পাছতে সৃষ্টি হয় এক বিশৃংখল পৰিস্থিতি ৷

Ajmal visit Hatigaon fire incident
ক্ষতিগ্ৰস্তৰ খবৰ লবলৈ গৈ জনৰোষত বদৰুদ্দিন

ক্ষতিগ্ৰস্তৰ খবৰ লবলৈ গৈ জনৰোষত বদৰুদ্দিন

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : হাতীগাঁও অজন্তা পথত বৃহস্পতিবাৰে সংঘটিত অগ্নিকাণ্ডস্থলীত দেওবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । এ আই ইউ ডি এফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল আৰু দলটোৰ তিনিগৰাকী বিধায়কক লৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । স্থানীয় একাংশ লোক আৰু এ আই ইউ ডি এফৰ দলটোৰ মাজত হয় তীব্ৰ বাক-বিতণ্ডাৰ (AIUDF MP Badruddin Ajmal at Hatigaon)।

অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ তিনিদিন পলমকৈ অৰ্থাৎ দেওবাৰেহে এ আই ইউ ডি এফৰ সাংসদ গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হ’বলৈ সময় পালে বুলি অভিযোগ তুলি ক্ষুণ্ণ হৈ পৰে স্থানীয় একাংশ লোক ৷ কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবেহে দলটোৱে অগ্নিকাণ্ডটোৰ ফলত ক্ষতিগ্ৰস্থ হোৱা পৰিয়ালবোৰৰ খবৰ ল’বলৈ আহিছে বুলি অভিযোগ তুলে ক্ষুণ্ণ লোকসকলে । অৱশ্যে ৰাইজৰ অভিযোগক সম্পূৰ্ণ নস্যাৎ কৰি তেঁও ৰাজনৈতিক স্বাৰ্থত অহা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে তেঁও মানৱতাৰ খাতিৰতহে ভুক্তভোগী মানুহখিনিৰ খবৰ লবলৈ অহা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (AIUDF chief visits fire victims) ৷

লগতে কংগ্ৰেছ দলটোক সমালোচনা কৰি সাংসদগৰাকীয়ে অগ্নিকাণ্ডস্থলীত কংগ্ৰেছেহে ৰাজনৈতিক লাভালাভৰ বাবে ৰাজনীতি কৰিছে বুলি কংগ্ৰেছক আক্ৰমণ কৰে । তদুপৰি, ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটোৰ ফলত সৰ্বস্ব হেৰুওৱা ১০০ টা পৰিয়ালক দেওবাৰৰ পৰা এমাহ পৰ্যন্ত এ আই ইউ ডি এফ দলে খাদ্য যোগান ধৰিব বুলি আশ্বাস প্ৰদান কৰে । ইয়াৰোপৰি, প্ৰতিগৰাকী মহিলা, শিশুক এযোৰকৈ কাপোৰ দিব বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰিলে । লগতে, প্ৰতিটো পৰিয়ালক একোখনকৈ কম্বল আৰু শিশুসকলৰ বাবে শিশুখাদ্য যোগান ধৰা হ’ব বুলিও জনালে সাংসদ গৰাকীয়ে (Ajmal visit Hatigaon fire incident place) ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ নিশা মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছিল এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা (Massive fire at Guwahati)।। হাতীগাঁও চাৰিআলিৰ অজন্তা পথৰ ৰিজু আলী নামৰ এজন ব্যক্তিৰ ভাৰাতীয়া আবাস চৌহদৰ এগৰাকী বৃদ্ধাৰ ভাৰাঘৰৰ পৰা সূত্ৰপাত হৈছিল জুইৰ । ফলত ১০০ টাকৈ বাসগৃহ জ্বইত ভস্মীভূত হৈছিল (Fire broke out at Hatigaon) ৷

লগতে পঢ়ক : Nagaland Meghalaya Assembly polls: আজি নাগালেণ্ড আৰু মেঘালয় বিধানসভাৰ নিৰ্বাচন, পুৱা 7 বজাৰ পৰা হ’ব ভোটগ্ৰহণ

Last Updated : Feb 27, 2023, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.