ETV Bharat / state

কাকপথাৰত দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:31 PM IST

Tai Ethnic Cultural Festival: বিশাল আয়োজনেৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত আৰম্ভ হ’ল দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ ৷ আমন্ত্ৰণ জনোৱা হৈছে বহুতো দেশী-বিদেশী অতিথিকো আমন্ত্ৰণ জনাইছে ৷

Kakopathar Tai Festival
কাকপথাৰত দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

কাকপথাৰত দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

তিনিচুকীয়া, ১৮ জানুৱাৰী: বৃহস্পতিবাৰৰ পৰা কাকপথাৰৰ চাও-ফা চুহুংমুং ক্ষেত্ৰত আৰম্ভ হৈছে দ্বিতীয় ত্তাঈ মহোৎসৱ ৷ পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে উক্ত মহোৎসৱ ৷ মুখ্যদ্বাৰ উন্মোচনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰা হয় বৃহস্পতিবাৰে ৷

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা ত্তাঈ জনগোষ্ঠীয়ে আৰ্থ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যৰ হকে বহুতো অৱদান আগবঢ়াই আহিছে আৰু এটা স্বকীয় ‘উত্তৰ-পূৰ্বাঞ্চলীয় আৰ্হি’ নিৰ্মাণ কৰিছে ৷ সংযুক্ত ত্তাঈ জাতিৰ সামাজিক সাংস্কৃতিক সংঘ (United Tai Ethnic Socio-Cultural Organisation)ই ত্তাঈ জাতিৰ অখণ্ডতা উত্তৰ-পূবত বসবাস কৰি অহা সকলো জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ সংকল্প গ্ৰহণ কৰিছে ৷

অখণ্ডতা আৰু সমন্বয়ৰ লক্ষ্য আগত ৰাখিয়েই য়ুটেস্ক’ৰ উদ্যোগত সকলো তাই জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত তথা ৰাইজৰ সহযোগত আজিৰে পৰা ২২ জানুৱাৰীলৈকে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাইঠং গাঁৱৰ ‘চাও-ফা চুহুংমুং ক্ষেত্ৰ’ত বৰ্নাঢ্য কাৰ্যসূচীৰে ‘দ্বিতীয় ত্তাঈ জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ’ৰ আৰম্ভ হৈছে ৷

উক্ত মহোৎসৱত গ্ৰন্থমেলা, বাণিজ্য মেলা, বস্ত্ৰমেলা, জনগোষ্ঠীয় খাদ্যমেলা, কৃষ্টিমেলা, শিল্পমেলা, উদ্ভিদ উদ্যান, তাই সাংস্কৃতিক শোভাযাত্ৰা, বৰচৰা, আলোচনা সভা, সাংস্কৃতিক সন্ধিয়াৰ দৰে অনুষ্ঠানৰ কাৰ্যসূচী ৰাখিছে উদ্যোক্তাসকলে ৷ উক্ত মহোৎসৱত উদযাপন সমিতিয়ে বহুতো দেশী-বিদেশী অতিথিকো আমন্ত্ৰণ জনাইছে ৷

পাঁচদিনীয়া এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলক আদৰিবলৈ সাজু হৈ আছে উদযাপন সমিতি, গাঁৱৰ মহিলাসকলৰ লগতে সমূহ গাঁওবাসী ৷ উক্ত সাংস্কৃতিক মহোৎসৱত চুবুৰীয়া ৰাজ্যসমূহৰ লগতে থাইলেণ্ডৰ পৰাও তাই জনগোষ্ঠীয় মূলৰ বিশিষ্ট ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিব বুলি জানিবলৈ দিয়ে ৷

ইয়াৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ, কেইবাগৰাকীও বিধায়কৰ লগতে বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ আৰু বুদ্ধিজীৱী উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে ৷

লগতে পঢ়ক: প্ৰায় ৩২ বছৰ আশ্ৰয় শিবিৰতে এটা অঞ্চলৰ ৰাইজ, শিবিৰতে মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.