ETV Bharat / state

প্ৰায় ৩২ বছৰ আশ্ৰয় শিবিৰতে এটা অঞ্চলৰ ৰাইজ, শিবিৰতে মৃত্যু এজনৰ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 7:20 AM IST

One dead in shelter camp: বান-গৰাখহনীয়াত সৰ্বস্বান্ত হৈ আশ্ৰয় শিৱিৰত থকা আন এজন লোকৰ মৃত্যু । তিলনিৰ দিনাই ৰাইজে অনুষ্ঠিত কৰিলে প্ৰতিবাদী সভা ৷ বনিয়াৰ দখলত কৰ্দৈগুৰি অঞ্চলৰ শ-শ হেক্টৰ ভূমি, অন্যহাতে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে এটুকুৰা ভূমিৰ অভাৱ খিলঞ্জীয়া ভূমিপুত্ৰৰ । শীঘ্ৰে সমস্যা সমাধানৰ দাবী ।

Protest demanding land for indigenous people in Tinsukia
বান-গৰাখহনীয়াত সৰ্বস্বান্ত হৈ আশ্ৰয় শিৱিৰত থকা আন এজন লোকৰ মৃত্যু

বান-গৰাখহনীয়াত সৰ্বস্বান্ত হৈ আশ্ৰয় শিৱিৰত থকা আন এজন লোকৰ মৃত্যু

তিনিচুকীয়া, ১৭ জানুৱাৰী: তিনিচুকীয়াত এক হৃদয় বিদাৰক ঘটনা । ১৯৯২ চনৰে পৰা আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰি, আশ্ৰয় শিবিৰতেই শেষ নিশ্বাস ত্যাগ কৰিলে এজন লোকে । অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও অভাৱ হ'ল এডোখৰ ভূমিৰ । ডিব্ৰু-ডাঙৰী নদীৰ বান-গৰাখহনীয়াৰ কৱলত পৰি সর্বস্বান্ত হৈ কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কৰ্দৈগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত সমীপত অস্থায়ী শিৱিৰত পৰিত্যক্ত আৰু চৰম অবহেলিত আৰু দুর্বিষহ জীবন যাপনেৰে আশ্রয় লৈ থকা অবস্থাত গুৰুতৰ ৰোগত আক্রান্ত হৈ মৃত্যু হয় চিবেন মৰাণ নামৰ লোকজনৰ ।

মৃত চিবেন মৰাণৰ তিলনিৰ দিনাই কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এক শোকসভা । দুর্ভগীয়া চিবেন মৰাণে চিকিৎসাৰ অভাৱত আশ্ৰয় শিৱিৰতেই অকাল মৃত্যুবৰণ কৰিবলগীয়া হয় বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । উল্লেখ্য যে, ১৯৯২ চনৰ বান-গৰাখহনীয়াত গাঁওখনৰ ২৪ টা পৰিয়ালৰ লগতে অঞ্চলটোৰ সহস্ৰ পৰিয়ালে বহু দুখ যান্ত্রনাৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ।

চৰকাৰৰ ওচৰত বহু আবেদন-নিবেদন, আলোচনা-বিলোচনা, আন্দোলন, প্রতিবাদ আদি কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ পাছতো বর্তমানলৈকে বিষয়টো সঠিকভাৱে সমাধান হোৱা নাই । সেইয়ে উক্ত সমস্যা সমাধানৰ লগতে বান-বিধ্বস্ত পৰিয়ালটোৱে উচিত ন্যায় পাবৰ বাবে কৰ্দৈগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রাংগনত আয়োজন কৰা হয় শোকসভাৰ । সভাত অঞ্চলটোৰ সংঘ, জাতীয়-জনগোষ্ঠীয় দল-সংগঠন, বুদ্ধিজীৱী, সমাজ সচেতন ব্যক্তি, আৰু জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলো শ্রেণীৰ ৰাইজ উপস্থিত থাকে ।

অন্যহাতে, এই কৰ্দৈগুৰি অঞ্চলটোতেই শ-শ হেক্টৰ ভূমি বহিৰাগত বনিয়াই দখল কৰি চাহ বাগিচা স্থাপন কৰিছে । এই ক্ষেত্ৰত চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপস্থিত লোকসকলে দাবী জনাই । ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া লোকসকলৰ যন্ত্ৰণাময় জীৱনৰ কথা উপলব্ধি নকৰি, এতিয়াও যদি এই সমস্যাৰ এক উচিত সমাধান নকৰে তেন্তে ৰাইজৰ অভিশাপৰ কোপত পৰিব বুলি উল্লেখ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে ।

লগতে পঢ়ক: বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.