ETV Bharat / state

অভিশপ্ত বাঘজান কাণ্ড; আজিও ক্ষোভিত বাঘজানবাসী

author img

By

Published : Oct 25, 2021, 8:30 PM IST

baghjan tragedy
অভিশপ্ত বাঘজান কাণ্ড; আজিও ক্ষুভিত বাঘজানবাসী

অভিশপ্ত বাঘজান কাণ্ড ৷ যি ঘটনাই কঁপাই তুলিছিল সমগ্ৰ বিশ্বক ৷ প্ৰায় ছমাহৰ অন্তত নিৰ্বাপিত হৈছিল জুই ৷ পিছে বাঘজানবাসীৰ মনত আজিও জ্বলি আছে সেই জুই ৷ অইল কৰ্তৃপক্ষৰ আশ্বাস আজিও আশ্বাস হৈয়ে ৰ’ল ৷ বৰ্তমানেও ক্ষোভিত বাঘজানবাসী ৷

তিনিচুকীয়া, 25 অক্টোবৰ : অভিশপ্ত ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজানৰ BGN 5 নং তৈলখাদত সংঘটিত হৈছিল ভয়ংকৰ অগ্নিকাণ্ড ৷ যিটো ঘটনাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বতে এক আলোড়নৰ সৃষ্টি কৰিছিল । ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ক্ষতি হৈছিল বাঘজানবাসীৰ ঘৰ-বাৰী, সা-সম্পত্তি, কৃষিভূমি, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, পক্ষী বিচৰণস্থলী মাগুৰি মতাপুং বিলৰ লগতে লুপ্তপ্ৰায় ৰাষ্ট্ৰীয় সম্পদ শিহুৰ বাসস্থান ডিব্ৰু-ডাঙৰী দুখনকৈ নদী । শাৰীৰিক আৰু মানসিকভাৱেও ভাগি পৰিছিল বাঘজানবাসী ।

baghjan tragedy
শেষ নহ’ল বাঘজানবাসীৰ সমস্যা

প্ৰায় ছমাহৰ অন্তত অৰ্থাৎ ২০২০ বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে সম্পূৰ্ণৰূপে জুই নিৰ্বাপিত হ'ল । কিন্তু মনৰ জুইকুৰা যেন আজিও নিৰ্বাপিত নহ’ল বাঘজানবাসীৰ । বাঘজান কাণ্ডৰ এটা বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পাচতো বাঘজানবাসীয়ে পোৱা নাই উচিত ক্ষতিপূৰণ ।

অভিশপ্ত সেই বাঘজান কাণ্ডৰ ফলত দূষিত হোৱা মাটি সমূহৰ গুণাগুণ নাইকিয়া হৈ পৰাৰ ফলত এতিয়া সেই মাটি কোনো ধৰণৰ খেতিৰ বাবে নহয় উপযোগী ৷ যাৰ বাবে এতিয়া অধিক চিন্তিত হৈ পৰিছে বাঘজানৰ ভুক্তভোগী ৰাইজ ।

অভিশপ্ত বাঘজান কাণ্ড

লগতে পঢ়ক : দীপাৱলীৰ বজাৰত বৰ্ধিত মূল্যৰ প্ৰভাৱ

উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডে ব্যৱহাৰ কৰা মাটিসমূহ বাঘজান কাণ্ডৰ পাছত পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে দিছিল ব্যৱস্থা গ্ৰহণৰ আশ্বাস ৷ পিছে সেই আশ্বাস আজি কেৱল আশ্বাস হৈয়ে ৰ'ল । ঘটনাস্থলী সম্পূৰ্ণ নিষ্কাষণ কৰাৰ কথা কৈছিল যদিও আজি পৰ্যন্ত নহ'ল মাটিসমূহৰ নিষ্কাষণ । বৰঞ্চ অইল ইণ্ডিয়া লিমিটেডে বাঘজান কাণ্ডৰ পিছত ভাড়াত লোৱা মাটিসমূহৰো উচিত মূল্যৰ প্ৰদানৰ ক্ষেত্ৰত খেলিমেলি কৰা বুলিহে জনালে বাঘজানৰ স্থানীয় বাসিন্দাই ৷

ইফালে বাঘজানৰ সেই অভিশপ্ত কাণ্ডৰ আতংক মাৰ নৌযাওঁতেই বাঘজানৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত কেইবাটাও অইল খাদৰ কাম-কাজ আৰম্ভ হৈছে পূৰ্ণগতিত । পক্ষীৰ বিচৰণস্থলী হিচাপে এছিয়া বিখ্যাত মাগুৰি মতাপুং বিলৰ পাৰতে বহিছে Foresight S-103 নামৰ আন এটা ৰিগ । কিন্তু নিমাত বিভিন্ন দল-সংগঠন, প্ৰকৃতি কৰ্মী, চিন্তিত বাঘজানবাসী ৰাইজ ৷

লগতে পঢ়ক : মৌ-পালনেৰে স্বনিয়োজনৰ বাট দেখুৱাইছে দাৰা চৌহানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.