ETV Bharat / state

Margherita Rape case news : আৰক্ষীৰ জিম্মাত মাৰ্ঘেৰিটা কাণ্ডৰ অভিযুক্ত আনন তাঁতীৰ পত্নী গংগা তাঁতী

author img

By

Published : May 6, 2023, 2:23 PM IST

মাৰ্ঘেৰিটাত কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ সৈতে অভিযুক্ত আনন তাঁতীৰ পত্নী গংগা তাঁতীক গ্ৰেপ্তাৰ ৷ 13 বছৰীয়া পুত্ৰক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Margherita Rape and murder case update) ৷

Margherita rape case
মাৰ্ঘেৰিটা কাণ্ডৰ অভিযুক্ত আনন তাঁতীৰ পত্নী গংগা তাঁতীক গ্ৰেপ্তাৰ

তিনিচুকীয়া, 6 মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হয় এক জঘন্য ধৰ্ষণৰ কাণ্ড ৷ এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যত তোলপাৰ সৃষ্টি কৰাৰ সময়তেই ঘটনাৰ অভিযুক্ত আনন তাঁতীৰ পত্নী গংগা তাঁতীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ পৰা গৈছে ৷ অধিক তদন্তৰ খাতিৰত দুদিনৰ বাবে নিজৰ জিম্মাত লোৱা বুলি শুকুৰবাৰৰ নিশা তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে জানিবলৈ দিয়ে ৷ লগতে মাৰ্ঘেৰিটা আৰক্ষী থানাত গোচৰ নং 113/2023 ইউ/এছ 363 আইপিচিৰ সৈতে জড়িত sec. 120বি/376(3)/302/201 আইপিচি আৰ/ডব্লিউ ধাৰা 6 নং POSCO আইনৰ অধীনত আনন তাঁতীৰ পত্নী গংগা তাঁতীক (34) গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে (Margherita rape case accused encounter) ৷

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপৰ নেতৃত্বত মাৰ্ঘেৰিটা আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে পুৱাৰে পৰা কিশোৰী ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত আনন তাঁতীৰ বিৰুদ্ধে অব্যাহত ৰাখিছিল অভিযান ৷ পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ দেউমালি পথৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযুক্ত আনন তাঁতীক ৷ তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ অনাৰ সময়তে আৰক্ষীৰ বাহনৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে আনন তাঁতীলৈ নিক্ষেপ কৰে দুটাকৈ গুলী ৷ ফলত আনন তাঁতীৰ ভৰিত দুটাকৈ গুলী লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলিপে (Anan Tatis wife arrested) ৷

পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত আনন তাঁতীক ততাতৈয়াকৈ আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ এফ আৰ ইউ চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ কিন্তু নিশা প্ৰায় 10 বজাত আনন তাঁতীক জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Asaam medical college and hospital) ৷

উল্লেখযোগ্য যে, 2 মে'ৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল 12 বছৰীয়া কিশোৰীগৰাকী । বুধবাৰে সন্ধিয়া মাৰ্ঘেৰিটাৰ জয়ানগৰস্থিত আনন তাঁতীৰ ভাড়াঘৰৰ চেপটিক টেংকত উদ্ধাৰ কৰা হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷ 1 মে’ নিশা মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা বিহু উৎসৱ চাই পুৱতি নিশা কিশোৰী গৰাকীৰ লগতে মাতৃ গৰাকীয়ে পূৰ্বৰে পৰা চিনাকি হেতুকে আনন তাঁ‌তী নামৰ ব্যক্তিজনৰ ঘৰত থাকে । পুৱা কিশোৰীগৰাকী দেৰিলৈকে শুই থকা দেখি পলমকৈ ঘৰলৈ যাব ভাবি নিজ গৃহলৈ যায় মাতৃগৰাকীয়ে (Margherita Rape and murder case)।

পৰৱৰ্তী সময়ত কিশোৰীগৰাকী নিৰুদ্দিষ্ট হৈ পৰাত মাতৃ গৰাকীয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত 2 মে’ত গোচৰ দিয়ে । ইয়াৰ পিচতেই বুধবাৰৰ নিশা উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ । উল্লেখ কৰা প্ৰয়োজন যে, দোষীক গ্ৰেপ্তাৰৰ দাবীত বৃহস্পতিবাৰে দিনত ৰাষ্ট্ৰীয় ঘাইপথত টাইয়াৰ জ্বলাই আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আনন তাঁতীৰ পত্নী গংগা তাঁতীক সোধ পোচ অব্যাহত ৰখাৰ সমান্তৰালভাৱে তাঁতীৰ 13 বছৰীয়া পুত্ৰক বিচাৰিও অভিযান অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে মাৰ্ঘেৰিটা আৰক্ষীয়ে (Margherita police) ৷

লগতে পঢ়ক : Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.