ETV Bharat / state

Elephant attack in Tinsukia: কাকজানত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বৃদ্ধ

author img

By

Published : Feb 13, 2023, 12:33 PM IST

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict) ৷ পুনৰ হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী বৃদ্ধৰ ৷ বৃদ্ধগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ১ নং কাকজানত ৷ খেতি চাবলৈ যোৱাই যেন কাল হ’ল বৃদ্ধগৰাকীৰ ৷

Man killed in elephant attack in Tinsukia
হাতীৰ আক্ৰমণত নিহত এজন

হাতীৰ আক্ৰমণত নিহত এজন

তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰী: বনাঞ্চল ধবংসৰ লগতে সংকূচিত হৈ অহাৰ বাবে ৰাজ্যত সঘনাই বৃদ্ধি পাব ধৰিছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক’ৰবাত যদি ঘৰ ভাঙিছে, ক’ৰবাত আকৌ তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ পাচলি (Wild Elephant Attack In Assam) ৷

জনাঞ্চললৈ বন্যহস্তীৰ জাক উলাই আহি পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ (Man Elephant Conflict in Tinsukia) ৷ বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে বিভিন্ন অঞ্চলৰ ৰাইজে ৷ বহুবাৰ নিশা গৃহস্থ শুই থকা অৱস্থাতো বন্যহস্তীয়ে আক্ৰমণ কৰিছে ৷ সমান্তৰালভাৱে বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজস্ৰজন ৷

তেনে এক কৰুণ ঘটনাই এইবাৰ সংঘটিত হৈছে তিনিচুকীয়াত ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত ১ নং কাকজানত দেওবাৰে বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে এগৰাকী বৃদ্ধৰ (Elephant attacked in Tinsukia) ৷ বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা বৃদ্ধগৰাকী ১ নং কাকজান গাঁৱৰ মহেশ্বৰ মৰাণ (৬৮) বুলি জানিব পৰা গৈছে । ইফালে বৃদ্ধগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই পৰিয়ালৰ লগতে গাঁওবাসীৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, কাকজান বনাঞ্চলৰ সমীপতেই নিজৰ খেতি মাটিত বৃদ্ধগৰাকীয়ে খেতি কৰিছিল (Elephant attack kills elderly man in Tinsukia) ৷ যিহেতু বনাঞ্চলৰ কাষতেই আছিল খেতিডৰা ৷ গতিকে অতি কষ্টৰে কৰা খেতিডৰা বন্যহস্তীয়ে তহিলং কৰিব বুলি ভাবি নিশাই খেতিডৰা চাবলৈ গৈছিল বৃদ্ধগৰাকীয়ে ৷ কিন্তু দুৰ্ভাগ্যবশতঃ খেতিডৰা বচাবলৈ গৈ নিজেই হাতীৰ আক্ৰমণৰ বলি হ’বলগীয়া হয় বৃদ্ধগৰাকী ৷ বনৰীয়া হাতীৰ আক্ৰমণত ঘটনাস্থলীতেই নিহত হয় মহেশ্বৰ মৰাণ ৷

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ফিল’বাৰী আৰক্ষীৰ লগতে ডুমডুমা আঞ্চলিক বন বিভাগৰ এটা দল ৷ আৰক্ষীয়ে নিশাৰ ভাগতে মৃতদেহটো উদ্ধাৰ কৰি সোমবাৰে পুৱতি নিশা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ জানিব পৰা মতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে বিয়লিলৈ মৃতদেহটো চমজাই দিব পৰিয়ালৰ লোকক (Elephant tramples elderly to death in Doom Dooma) ৷

বনবিভাগৰ লোকে জানিব দিয়া অনুসৰি, কাকজান বনাঞ্চলখন হস্তীৰ বনাঞ্চল বুলিও জনাজাত ৷ বৰ্তমান বনাঞ্চলখনত আছে ২৩০ টাতকৈও অধিক বনৰীয়া হাতী ৷ মহেশ্বৰ মৰাণৰ মৃত্যু দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বনবিভাগৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Elephant roaming in Nalbari: নলবাৰীৰ যুগুৰকুছিত বনৰীয়া হাতীৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.