Elephant roaming in Nalbari: নলবাৰীৰ যুগুৰকুছিত বনৰীয়া হাতীৰ সন্ত্ৰাস

By

Published : Jan 30, 2023, 1:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নলবাৰী, ৩০ জানুৱাৰী: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ক’ৰবাত যদি ঘৰ ভাঙিছে, ক’ৰবাত আকৌ তহিলং কৰিছে খেতি-পথাৰকে আদি কৰি বাৰীৰ পাচলি ৷ সমান্তৰালভৱে বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজশ্ৰজন ৷  

জনাঞ্চললৈ বন্যহস্তীৰ জাক উলাই আহি পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ প্ৰাণৰ ভয়ত নিশা উজাগৰী কটাবলগীয়া হৈছে ৷ বহুবাৰ নিশা গৃহস্থ শুই থকা অৱস্থাতো বন্যহস্তীয়ে আক্ৰমণ কৰাৰ উদাহৰণ আছে ৷  

শেহতীয়াকৈ নলবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা (Elephant roaming in Nalbari) । নলবাৰী জুগুৰকুছিত ১০ টাকৈ বনৰীয়া হাতীৰ এটা দলে প্ৰবেশ কৰে গাঁওখনত ৷ ইয়াৰ পিছতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় গাঁওবাসীৰ মাজত ৷ ১৫ নং দিহজাৰী গাঁও পঞ্চায়তৰ সমীপত হৈছে এই ঘটনা ৷  

সম্প্ৰতি বন্যহস্তীৰ আগমণত আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷ নিশাৰে পৰা অঞ্চলটোত হাতীৰ প্ৰৱেশক লৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত । স্থানীয় লোকে বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ লোকক খবৰ দিয়াত পৰৱৰ্তী সময়ত অঞ্চলটোত উপস্থিত হয় প্ৰশাসনৰ লোক । সম্প্ৰতি প্ৰশাসনৰ লোকে হাতীৰ জাকটোক স্থানান্তৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

বন্য হস্তীৰ উপদ্ৰৱে এতিয়া আতংকিত কৰি তুলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণক ৷ শেহতীয়াকৈ শনিবাৰে মহানগৰীত সংঘটিত হৈ যায় এক শোকাৱহ ঘটনা ৷ পুত্ৰৰ জন্মদিনৰ দিনাই আকস্মিকভাৱে মৃত্যু মুখত পৰিল পিতৃ ৷ মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হৈছিল এই ঘটনা ৷ চন্দ্ৰপুৰৰ ঠাকুৰকুছিৰ খামব্ৰেঙা বিলৰ পাৰত বন্যহস্তীৰ গচকত থিতাতে নিহত হয় এজন লোক (Chandrapur elephant attack)।

নিহত লোকজন গুৱাহাটীৰ বীৰকুচিৰ দিলীপ নাথ বুলি জানিব পৰা গৈছে । শনিবাৰে নিশা পৰিয়াল তথা তেওঁৰ কৰ্মচাৰীৰ সৈতে খামব্ৰেঙা বিলৰ পাৰলৈ যাওঁতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।  চৰকাৰী অধিবক্তা দিলীপ নাথৰ পুত্ৰৰ জন্মদিন আছিল সেইদিনা ।

লগতে পঢ়ক: Chandrapur elephant attack: পুত্ৰ জন্মদিনৰ দিনাই হাতীৰ গচকত মৃত্যু অভিযন্তা পিতৃৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.