ETV Bharat / state

Fire in Tinsukia: বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল বাসগৃহ

author img

By

Published : Dec 12, 2022, 3:50 PM IST

Updated : Dec 12, 2022, 5:19 PM IST

Fire breaks out at Tinsukia
Fire breaks out at Tinsukia:বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল এটা বাসগৃহ

বৰহাপজানৰ হুলুটুপু ১ নম্বৰ লাইনত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড(Fire breaks out in Tinsukia) ৷ ফলত সম্পূৰ্ণৰূপে ধবংসপ্ৰাপ্ত এটা বাসগৃহ ।

বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ’ল এটা বাসগৃহ

তিনিচুকীয়া, ১২ ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমাত ভয়ংকৰ অগ্নিকাণ্ড (Fire in Tinsukia)৷ ডুমডুমাৰ সমীপৰ বৰহাপজানৰ হুলুটুপু ১ নম্বৰ লাইনত এক সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত হুলুটুপু ১ নম্বৰ লাইন নিবাসী ফাগু মুণ্ডা নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ধবংসপ্ৰাপ্ত হয় ।

বাসগৃহটোত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডটোৰ ফলত বাসগৃহটোত থকা ধন-সম্পত্তি, বয়-বস্তু তথা সকলো সামগ্ৰী সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱা বুলি জানিবলৈ পৰা গৈছে ৷ পৰিয়ালৰ লোক বিশেষভাৱে হতাহত হোৱা নাই যদিও ফাগু মুণ্ডাৰ ২০ বছৰীয়া পুত্ৰ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া ফাগু মুণ্ডাৰ পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিছে স্থানীয় ৰাইজ ৷ ফাগু মুণ্ডাৰ পৰিয়ালটোক অস্থায়ীভাৱে থাকিবৰ বাবে স্থানীয় লোকসকলে এটা বাসগৃহ নিৰ্মাণ কৰি দিব বুলি স্থানীয় ৰাইজ আশ্বাস প্ৰদান কৰিছে বুলি জানিবলৈ পৰা গৈছে ।

চৰকাৰ তথা জিলা প্ৰশাসনৰ(Tinsukia district administration) তৰফৰ পৰাও দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ স্থানীয় লোকসকলে চৰকাৰ-প্ৰশাসনলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Encounter at Lumding: লামডিঙত আৰক্ষীৰে সংঘৰ্ষত নিহত বিহাৰৰ ভাড়াতীয়া হত্যাকাৰী

Last Updated :Dec 12, 2022, 5:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.