ETV Bharat / state

Encounter at Lumding: লামডিঙত আৰক্ষীৰে সংঘৰ্ষত নিহত বিহাৰৰ ভাড়াতীয়া হত্যাকাৰী

author img

By

Published : Dec 12, 2022, 3:09 PM IST

লামডিঙৰ তৰুণ চক্ৰৱৰ্তী নামৰ এজন ৰে’লৱে কৰ্মচাৰীক গুলীয়াই হত্যা কৰা ভাড়াতীয়া হত্যাকাৰী ৰহস্যজনকভাৱে নিহত হ’ল আৰক্ষীৰ গুলীত (Encounter at Lumding)৷ 9 ডিচেম্বৰত সংঘটিত হৈছিল ৰে’লৱে কৰ্মচাৰীজনৰ গুলাচালনাৰ ঘটনা ৷

Encounter at Lumding
ঠিকাত হত্যা কৰিবলৈ আহি নিজেই মৰিল বিহাৰৰ মোহন

লামডিং, 12 ডিচেম্বৰ : লামডিঙত দেওবাৰে নিশা আৰক্ষীৰ গুলীচালনাত নিহত হ’ল এটা ভাড়াতীয়া হত্যাকাৰী ৷ আৰক্ষীৰ গুলীত ৰহস্যজনকভাৱে নিহত ভাড়াতীয়া হত্যাকাৰীটো বিহাৰৰ মোহন কুমাৰ (Bihar professional killer dead in Assam)৷ লামডিঙৰ এক গুলীচালনাৰ ঘটনাত অভিযুক্ত আছিল মোহন নামৰ ভাড়াতীয়া হত্যাকাৰীটো ৷

দেওবাৰে নিশা মোহন কুমাৰক লৈ লামডিং আৰক্ষীয়ে চলাইছিল অভিযান ৷ অভিযান কালত বন্দুক দেখুৱাই দিয়াৰ চলেৰে মোহন কুমাৰে আৰক্ষীলৈ গুলীচালনা কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত মৃত্যু হয় মোহন কুমাৰৰ ৷ গুলীচালনাৰ ঘটনাৰ পাছতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটা হাতে সজা বন্দুকৰ লগতে এটা পিষ্টল ৷

উল্লেখ্য যে, 9 ডিচেম্বৰত লামডিঙত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ গুলীচালনতাত নিহত হৈছিল তৰুণ চক্ৰৱৰ্তী নামৰ এজন ৰে’লৱে কৰ্মচাৰী ৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিত চুপাৰী কিলাৰৰ সহায়ত কৰ্মচাৰীজনক হত্যাৰ পৰিকল্পনা কৰা হৈছিল (Firing at Lumding)৷ উক্ত গুলীচালনাৰ ঘটনাৰ সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিছিল সাতজনকৈ অভিযুক্তক ৷

অভিযুক্ত কেইজনৰ ভিতৰত আছিল ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা লামডিঙৰ এজন ৰেল’ৱে কৰ্মচাৰী অনিল মালাকাৰ, তৰুণ চক্ৰৱৰ্তীৰ ভাই বোৱাৰী বুল্টি চক্ৰৱৰ্তী, বিহাৰৰ চাহেব ৰজক, মোহন কুমাৰ, পাণ্ডৱ কুমাৰ, দীপক বিশ্বাস আৰু অজয় বৰ্মন৷ চুপাৰী কিলাৰ মোহন কুমাৰ আৰু পাণ্ডৱ কুমাৰে দুদিন ধৰি তৰুণ চক্ৰৱৰ্তীৰ গতিবিধি লক্ষ্য কৰি শুকুৰবাৰে গুলীচালনাৰ ঘটনা সংঘটিত কৰিছিল (Firing on railway employee at Lumding)৷

ঠিকাত হত্যা কৰিবলৈ আহি নিজেই মৰিল বিহাৰৰ মোহন

ইয়াৰ পাছতে বঙাইগাঁও ৰেলৱে’ ষ্টেচনৰ পৰা মোহন কুমাৰক আৰক্ষীয়ে আটক কৰাৰ লগতে মোহন কুমাৰৰ সৈতে উক্ত ঘটনাত জড়িত পাণ্ডৱ কুমাৰকো বিহাৰত আটক কৰে ৷ দেওবাৰে নিশা ধৃত প্ৰফেশ্যনেল কিলাৰ মোহন কুমাৰক লগত লৈ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে চলাইছিল অভিযান ৷

অভিযান কালত লুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ মোহনক লগত লৈ গৈছিল আৰক্ষীয়ে ৷ কিন্তু অভিযানৰ মাজতে মোহন কুমাৰে আৰক্ষীলৈ গুলীচালনা কৰাত আৰক্ষীয়েও গুলীচালনা কৰিবলৈ বাধ্য হয় (Supari Killer killed in encounter)৷ আৰক্ষীৰ গুলীত আহত মোহনক চিকিৎসকে চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও মৃত ঘোষণা কৰে ৷

লগতে পঢ়ক : Open gambling in Kalgachia: আনন্দ মেলাত চলা দুষ্কৃতিৰ বাতৰি প্ৰকাশ কৰা সাংবাদিকক ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.