ETV Bharat / state

Tinsukia youth missing in Kolkata: এবছৰে সন্ধান নাই গোপাল মাহাতোৰ; আহিছিল কলকাতালৈ

author img

By

Published : Aug 3, 2023, 7:40 AM IST

বিগত বৰ্ষৰ 6 জুলাই পৰাই নিৰুদ্দেশ হৈ আছে গোপাল মাহাতো নামৰ এজন ব্যক্তি ৷ গোপাল মাহাতোক বিচাৰি হাবাথুৰি খাই ফুৰিছে তেওঁৰ পৰিয়ালৰ লোকে ৷ আৰক্ষীৰ ফালৰ পৰাও নিৰুদ্দিষ্ট গোপালৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়ালৰ লোকে ৷

Assam youth missing in Kolkata
নিৰুদ্দেশ গোপাল মাহাতু

নিৰুদ্দেশ গোপাল মাহাতু

তিনিচুকীয়া, 3 আগষ্ট : প্ৰায় এটা বছৰে সন্ধান নাই গোপাল মাহাতোৰ ৷ নিৰুদ্দিষ্ট গোপাল মাহাতোক বিচাৰি হায়ৰাণ হৈ পৰিছে তেওঁৰ পত্নী আৰু দুই জীয়ৰী ৷ আৰক্ষীৰ ফালৰ পৰাও কোনো সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে গোপাল মাহাতোৰ পত্নীয়ে ৷

গোপাল মাহাতোৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, বিগত বৰ্ষৰ 6 জুলাইৰ কথা । তিনিচুকীয়া জিলাৰ মাকুম বেতজান পথৰ নিবাসী গোপাল মাহতো ঘৰৰ পৰা কলকাতা লৈ ওলায় গৈছিল বন্ধু দেৱাৰু গড়ৰ সৈতে । কিন্তু সেইদিনাৰ পৰা ঘৰলৈ উভতি অহা নাই গোপাল মাহাতো ।

মাকুমৰ নিবাসী গোপাল মাহাতো ৰাজগড় চাহ বাগিচাৰ ফেক্টৰীত নিয়োজিত আছিল । ৰাজগড় চাহ বাগিচাৰ ফেক্টৰীৰ এজন শ্ৰমিক দেৱাৰু গড়ৰ সৈতে গড়ৰ পুত্ৰৰ চিকিৎসাৰ বাবে গোপাল মাহাতো গৈছিল কলকাতালৈ । কিন্তু কলকাতাত চিকিৎসা কৰি উভতি আহোতে শিয়ালদহ ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ব্যক্তিগৰাকী ।

পৰিয়ালে সদৰী কৰা অনুসৰি, দেৱাৰু গড় আৰু তেখেতৰ পুত্ৰক ষ্টেচনত ৰখাই থৈ নাইকীয়া হয় গোপাল মাহাতো । উক্ত দিনাই গোপালে ফোন কৰিছিল পত্নীলৈ । সেই ফোনৰ পাচৰ পৰাই আৰু কোনো শুং সূত্ৰ নাই গোপালৰ ।

ইতিমধ্যে গোপালৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ লোকে গোপাল মাহাতোৰ নিৰুদ্দেশ সন্দৰ্ভত থানাত দাখিল কৰিছিল দুখনকৈ এজাহাৰ ৷ কিন্তু আৰক্ষী তথা প্ৰশাসনে আজিলৈকে নিৰুদ্দিষ্ট গোপালক বিচাৰি উলিয়াবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

উপায়হীন হৈ স্বামীক বিচাৰি ভাগৰি পৰি এতিয়া পুনৰ সংবাদ মাধ্যমৰ কাষ চাপিছে গোপালৰ পত্নীয়ে । নিৰুদ্দিষ্ট গোপালৰ পত্নীয়ে এতিয়া দুগৰাকী কন্যা সন্তানৰ সৈতে কটাইছে এক দুৰ্বিসহ জীৱন । গোপালক বিচাৰি দিয়াৰ লগতে উক্ত ঘটনাৰ উচিত তদন্ত কৰিবলৈ নিৰুদ্দিষ্ট গোপালৰ পৰিয়ালৰ লোকৰ আৰক্ষী তথা প্ৰশাসনৰ প্ৰতি কাতৰ আহ্বান ৷

লগতে পঢ়ক : Morigaon youth missing in AP: অন্ধ্ৰপ্ৰদেশৰ মাটিত ভৰি থৈয়েই নিৰুদ্দেশ অসমৰ যুৱক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.