Morigaon youth missing in AP: অন্ধ্ৰপ্ৰদেশৰ মাটিত ভৰি থৈয়েই নিৰুদ্দেশ অসমৰ যুৱক !

author img

By

Published : May 26, 2023, 2:41 PM IST

Morigaon youth missing in AP

অসমৰ পৰা বাহিৰ ওলাই গৈয়েই পত্নীলৈ ফোন কৰি কৈছিল ভয় অনুভৱ কৰাৰ কথা ৷ কৈছিল, ‘মই ইয়াত নাথাকো’ বুলি ৷ তিনিদিন ধৰি নিখোজ হৈ থকা মুনীন্দ্ৰ ডেকাৰ বৰ্তমানেও নাই কোনো শুংসুত্ৰ (Assam youth went Andhra Pradesh goes missing) ৷ বহি:ৰাজ্যত অকস্মাতে মানসিক ৰোগীৰ দৰে কিয় আচৰণ কৰিছিল মুনীন্দ্ৰই....

সকলোৰে পৰা সহায় ভিক্ষা মৰিগাঁৱৰ মুনীন্দ্ৰ ডেকাৰ পৰিয়ালৰ

মৰিগাঁও, 26 মে’ : কামৰ সন্ধানত প্ৰতিবছৰে বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতী ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷ বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ শেহতীয়াকৈ গহপুৰৰ ৰজাবাৰীৰ বাবুল বৰাৰ হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য ৷ বিহাৰৰ কিষাণগঞ্জ ৰেলৱে ষ্টেচনত নৃশংসভাৱে হত্যা কৰা হৈছিল বাবুলক ৷

এতিয়া খবৰ আহিছে মৰিগাঁৱৰ মুনীন্দ্ৰ ডেকা নামৰ এজন যুৱক বিগত তিনিদিন ধৰি অন্ধ্ৰপ্ৰদেশত সন্ধানহীন হৈ আছে (Assam youth went Andhra Pradesh goes missing) ৷ মৰিগাঁৱৰ মানিপুৰৰ পৰা অন্য দুজন লোকৰ সৈতে কামৰ সন্ধানত অন্ধ্ৰপ্ৰদেশলৈ গৈছিল মুনীন্দ্ৰ ৷ ৰেলৰ পৰা নামিয়ে তেওঁৰ মানসিক স্থিতি সঠিক অৱস্থাত নাছিল বুলি জানিবলৈ দিছে দুই সতীৰ্থই ৷ ষ্টেচনৰ পৰা আনকি পত্নীক ফোন কৰি ভয় লগাৰ কথা কৈছিল মুনীন্দ্ৰই ৷ বাহিৰত থাকিব নোৱাৰাৰ কথাও উল্লেখ কৰিছিল তেওঁ ৷ অকস্মাতে মানসিকভাৱে অসুস্থ হৈ পৰা মুনীন্দ্ৰক চম্ভালিব পৰা নাছিল বুলি লগত যোৱা দুজনে জানিবলৈ দিয়ে ৷

মুনীন্দ্ৰ ডেকাৰ এই অৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পাচত ককায়েকে আৰক্ষীক অৱগত কৰিবলৈ কৈছিল লগতে নিৰাপত্তা দিয়াৰ কথাও কৈছিল ৷ কিন্তু বহি:ৰাজ্য বুলি থানালৈ যাবলৈ অমান্তি প্ৰকাশ কৰাত নিৰুপায় হৈ ককায়েকে বৃহস্পতিবাৰে মৰিগাঁও থানাত এজাহাৰ দাখিল কৰে ৷ কাম সংক্ৰান্তীয় কথাত ককায়েকে এজন ঠিকাদাৰৰ কথাও উল্লেখ কৰে ৷ আৰক্ষীয়ে যথোচিত ব্যৱস্থা নোলোৱাত অৱশেষত সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ মুনীন্দ্ৰ ডেকাক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায় বিচাৰি কাতৰ আহবান জনাইছে ভুক্তভোগী পৰিয়ালে (Morigaon youth missing in AP) ।

প্ৰাপ্ত তথ্য অনুসৰি মিস্ত্ৰীৰ যোগালি কৰি পৰিয়াল পোহপাল দি অহা মুনীন্দ্ৰই কৰ্মসংস্থাপনৰ বাবে যোৱা ১৪ মে’ত গাঁৱৰ দুজন বন্ধুৰ সৈতে অন্ধ্ৰপ্ৰদেশৰ হিন্দুপুৰলৈ বুলি ৰাওনা হৈছিল । যোৱা ১৮ মে'ত অন্ধ্ৰপ্ৰদেশৰ আনন্দপুৰ জিলাৰ হিন্দুপুৰৰ ভোলাপুৰামত থকা বন্ধুৰ ভাৰাঘৰত উপস্থিত হোৱাৰ পিছৰে পৰা মুনীন্দ্ৰ ৰহস্যজনকভাবে সন্ধানহীন হৈ পৰে । ইতিমধ্যে উক্ত স্থানত থকা বন্ধুবৰ্গই বিচাৰ খোচাৰ কৰিও মুনীন্দ্ৰৰ সন্ধান লাভ নকৰাত মৰিগাঁও জিলাৰ মানিপুৰত থকা পৰিয়ালত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে সন্ধানহীন মুনীন্দ্ৰ ডেকা এটি চাৰিবছৰীয়া ল'ৰা আৰু এবছৰীয়া কন্যা সন্তানৰ পিতৃ । আনহাতে কোনো লোকে সন্ধানহীন যুৱক মুনীন্দ্ৰ ডেকাৰ সন্ধান লাভ কৰিলে ৰঞ্জন ডেকা, মানিপুৰ, মৰিগাঁও অথবা ৮১৩৩৯৯২৫৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : Poisonous mushrooms reaction: সাপেখাতীত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৩ গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.