ETV Bharat / state

Arunachal Pradesh: মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ পৰিয়ালক চমজাই দিয়াৰ চেষ্টা দেওমালিত নিহত শ্ৰমিকৰ মৃতদেহ

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:13 AM IST

জি অ’ পি অইল চাৰ্ভে নামৰ বেচৰকাৰী সন্থাৰ কৰ্মকাণ্ডক লৈ ক্ষোভিত দল সংগঠন ৷ কৰ্মৰত অৱস্থাত নিহত শ্ৰমিকৰ মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ পৰিয়ালক মৃতদেহ চমজাই দিয়াৰ চেষ্টা ৷

Arunachal Pradesh
শ্ৰমিকৰ মৃতদেহক লৈ জি অ পি অইল চাৰ্ভে সন্থাৰ হেতালি

শ্ৰমিকৰ মৃতদেহক লৈ জি অ পি অইল চাৰ্ভে সন্থাৰ হেতালি

তিনিচুকীয়া, 25 ছেপ্টেম্বৰ : এটা তেল অন্বেষণকাৰী সন্থাৰ অবিবেচকী কৰ্ম-কাণ্ডৰ বাবে ক্ষোভিত দল-সংগঠনৰ লগতে ৰাইজ ৷ ঘটনা অনুসৰি অৰুণাচল প্ৰদেশৰ দেওমালিত কৰ্মৰত অৱস্থাত প্ৰকাণ্ড গছ উভালি পৰি আঘাতপ্ৰাপ্ত হৈছিল কেইবাজনো অসমৰ শ্ৰমিক ৷ তাৰে দুজনৰ মৃত্যু হৈছিল আৰু পাঁচজন শ্ৰমিক গুৰুতৰভাৱে আহত হয় ৷ নিহত দুই শ্ৰমিক হৈছে মিনাকান্ত দেউৰী আৰু দলেন্দ্ৰ দেউৰী ৷

অতি পৰিতাপৰ বিষয় যে, জি অ’ পি অইল চাৰ্ভে নামৰ তেল অন্বেষণকাৰী সন্থাৰ কৰ্ম কাণ্ডই ক্ষোভিত কৰিছে ৰাইজক ৷ কাৰণ জি অ’ পি অইল চাৰ্ভে নামৰ তৈল অম্বেষণকাৰী সন্থাই শ্ৰমিকৰ জীৱনক লৈ তিলমানো যে দ্বায়িত্ব নাই সেয়া উক্ত শোকাৱহ ঘটনাই প্ৰমাণ কৰিছে । উক্ত ঘটনাত নিহত দুই শ্ৰমিক মিনাকান্ত দেউৰী আৰু দলেন্দ্ৰ দেউৰী মৃত্যুৰ সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ লগতে প্ৰশাসনক অৱগত নকৰি গোপনে মৃত শ্ৰমিক কেইজনৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিবলৈ চেষ্টা কৰিছিল তেল অন্বেষণকাৰী সন্থাটোৱে ৷

কিন্তু পৰিয়ালৰ লোকে মৃতদেহ মৰোণোত্তৰ পৰীক্ষা নকৰাকৈ চমজি ল’বলৈ অস্বীকাৰ কৰাত মৃতদেহ নিশা মাৰ্ঘেৰিটা আৰক্ষী থানাতে ৰখা হয় । এই ক্ষেত্ৰত পৰিয়ালৰ লগতে স্থানীয় লোকৰ দাবী, মৃতদেহ মৰোণোত্তৰ কৰাৰ লগতে মৃত শ্ৰমিকসলকৰ পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ ওপৰিও আহত সকলক চিকিৎসা ব্যৱস্থা কৰিব লাগিব ।

অন্যথা তেওঁলোকে মৃতদেহ কোনো কাৰণতে চমজি লোৱা নহ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । ইফালে উক্ত ঘটনাত গুৰুত্বৰভাবে আহত তিনিজনক বৰ্তমান ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক:Bhoot jolokia in Assam : অবিশ্বাস্য প্ৰতিভাৰ জৰিয়তে গীনিজ বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী তিনিচুকীয়াৰ ভলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.