ETV Bharat / state

Bhoot jolokia in Assam : অবিশ্বাস্য প্ৰতিভাৰ জৰিয়তে গীনিজ বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী তিনিচুকীয়াৰ ভলং

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 1:57 PM IST

Updated : Sep 23, 2023, 5:33 PM IST

person from Tinsukia who is not burnt by bhoot jolokia
গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড

ভোট জলকীয়াই নোপোৰা এজন ব্যক্তি ৷ চকু-মুখৰ লগতে সমগ্ৰ শৰীৰতেই সানে ভোট জলকীয়া ! অবিশ্বাস্য প্ৰতিভাৰ জৰিয়তে গীনিজ বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী তিনিচুকীয়াৰ ৰমেশ মৰাণ ওৰফে ভলং ৷

অবিশ্বাস্য প্ৰতিভাৰ গৰাকী তিনিচুকীয়াৰ ৰমেশ

তিনিচুকীয়া, 23 ছেপ্টেম্বৰ: আপুনি বাৰু জলকীয়া খাই নে ? নিশ্চয় যিকোনো আঞ্জা নতুবা যিকোনো খাদ্যৰ সৈতে কম বেছি পৰিমাণে জলকীয়া খায় ৷ এনে বহু লোক আছে যে ভাতৰ কাঁহীৰ কাষত এটা জলকীয়া নহ’লে ভাতেই পেটলৈ নাযায় ৷ প্ৰজাতি অনুসৰি জলকীয়া কম বেছি পৰিমাণে জলা হয় ৷ জলকীয়াৰ ভিতৰত অন্যতম হ’ল ভোট জলকীয়া ৷ ভোট জলকীয়াৰ নামেটোৱেই যথেষ্ট ৷

কেনেবাকৈ যদি এই ভোট জলকীয়া শৰীৰত লাগে তেন্তে ৰক্ষা নাই ৷ কিন্তু সেই ভোট জলকীয়াৰ লগতে খেলা কৰে অসমৰ এগৰাকী ব্যক্তিয়ে ৷ ব্যক্তিগৰাকী হ’ল তিনিচুকীয়া জিলাৰ ফিল'বাৰী অঞ্চলৰ ভিতৰুৱা তৰাণী গাঁৱৰ ৰমেশ মৰাণ ওৰফে ভলং ৷ এই বয়োজেষ্ঠ লোকজনে সৰুৰে পৰা খেলা কৰে সবাতোকৈ জ্বলা ভয়ংকৰ ভোট জলকীয়াৰ স’তে ৷

ৰমেশ মৰাণৰ ঘৰত আঞ্জাত জলকীয়া দিয়াত পৰিয়ালৰ লোকসকলে জলা পায় যদিও তেওঁ তাৰ বিপৰীতে তিতাহে পায় ৷ ৰমেশ মৰাণে শৰীৰত সানে ইটোৰ পাছত সিটো ভোট জলকীয়া ৷ শৰীৰৰ কথা বাদেই দিয়ক, শৰীৰৰ সকলোতকৈ বেছি সংবেদনশীল অংগ চকুতো সানে ইটোৰ পাছত আনটো ভোট জলকীয়া ৷

ৰমেশ মৰাণ ওৰফে ভলঙে সৰুৰে পৰাই কেজিয়ে কেজিয়ে ভোট জলকীয়া ভক্ষণ কৰাৰ লগতে চকু-মুখৰ লগতে সমগ্ৰ শৰীৰতেই ঘহিব পাৰে ভোট জলকীয়া । চৰকাৰে যেনেকৈ ইটোৰ পাছত সিটো গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ (Guinness book of world record) গঢ়াৰ প্ৰতিযোগিতাত নামিছে যদি কোনো কৰ্তৃপক্ষই উদ্যোগ গ্ৰহণ কৰে তেন্তে ৰমেশ মৰাণ ওৰফে ভলঙেও ভোট জলকীয়া খাই তেনে ৰেকৰ্ড কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ ৰমেশ মৰাণৰ এনেধৰণৰ কাৰ্য তথা প্ৰতিভাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে ।

সকলো ঠাইতে এতিয়া মৰাণক বিভিন্নজনে ভোট জলকীয়া খাবলৈ দিয়াৰ সমান্তৰালভাৱে বিভিন্ন খেতিয়ক কিম্বা আচাৰ প্ৰস্তুত কৰা লোকে ৰমেশ মৰাণক ভোট জলকীয়া দিয়েহি গুটি উলিয়াই দিয়াৰ লগতে জলকীয়া কাটিবলৈ ৷

লগতে পঢ়ক: Assam CM wife vs MP Gaurav Gogoi : সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে

Last Updated :Sep 23, 2023, 5:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.