ETV Bharat / state

Rana Goswami: অবৈধ কয়লা খনন আৰু তেল চুৰিৰ সৈতে শাসকীয় দল জড়িত; ৰাণা গোস্বামী

author img

By

Published : Jun 10, 2023, 6:48 PM IST

Rana Goswami
Rana Goswami

তিনিচুকীয়া জিলাত অব্যাহত আছে তেল চুৰি আৰু কয়লাৰ অবৈধ খনন ৷ এই সন্দৰ্ভত সৰৱ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ৷ চৰকাৰৰ পৃষ্ঠপোষকতাত এই কাৰ্যসমূহ চলি থকাৰ অভিযোগ গোস্বামীৰ (APCC working president) ৷

অবৈধ কয়লা খনন আৰু তেল চুৰিৰ সৈতে শাসকীয় দল জড়িত; ৰাণা গোস্বামী

তিনিচুকীয়া, ১০ জুন: তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী (APCC working president Rana Goswami) ৷ তিনিচুকীয়া উপস্থিত হৈ এখন সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ সংবাদমেলত তিনিচুকীয়াত চলি থকা অবৈধ কয়লা খননৰ বিৰুদ্ধে সৰৱ হয় গোস্বামী ৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত লিডুৰ মুলং পাহাৰত অব্যাহত থকা অবৈধ কয়লাখনিত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা শ্ৰমিক নয়ন ফুকনৰ প্ৰসংগ উল্লেখ ৰাণা গোস্বামীয়ে (Coal mining in Tinsukia) ৷ ৰজাঘৰে সকলো জনাৰ পাচতো কয়লা মাফিয়াক নিৰাপত্তা প্ৰদান কৰাৰ অভিযোগ তুলে গোস্বামীয়ে ৷

কিছুদিন পূৰ্বে লিডুৰ কয়লাখনিত মৃত্যু হোৱা তিনিচুকীয়াৰ মাকুমৰ প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ ৰহস্য আৰু চাঞ্চল্য মাৰ যোৱাৰ পূৰ্বেই পুনৰ কয়লাখনিত তিনিগৰাকী শ্ৰমিক মৃত্যু হোৱা ঘটনা অতি আচৰিত বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ অবৈধ কয়লা খননত ৰজা ঘৰৰ কৃপা আছে বুলিও তেওঁ উল্লেখ কৰে ৷ উল্লেখ্য যে শনিবাৰে দুদিন পূৰ্বে কয়লাখনিত মৃত্যু হোৱা নয়ন ফুকনৰ গৃহত উপস্থিত হয় ৰাণা গোস্বামীৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ এটা দল (Coal miner death in Tinsukia) ৷

ইফালে, তিনিচুকীয়া জিলাত অব্যাহত থকা তেল চুৰি প্ৰসংগকলৈয়ো সংবাদমেলত সৰৱ হ’ল গোস্বামী ৷ চোৰাং তেল চুৰি চক্ৰৰ সৈতে জড়িত তিনিচুকীয়াৰ বিজেপি কৰ্মী ৰাজা ৰায়ক গ্ৰেপ্তাৰ কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেল চুৰি কাৰ্য শাসকীয়সকলৰ আশীৰ্বাদপুষ্ট বুলি উল্লেখ কৰে (Oil thief in Tinsukia) ৷

ইফালে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এটা সৰ্বদলীয় দল গঠন কৰি অবৈধ কয়লা খনি আৰু তেল চুৰি সন্দৰ্ভত তিনিচুকীয়া জিলা পৰিদৰ্শন কৰিবলৈয়ো আহ্বান জনায় ৰাণা গোস্বামীয়ে ৷ সংবাদমেলখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ সৈতে উপস্থিত থাকে মুখপাত্ৰ মৌচম বৰুৱা, তিনিচুকীয়া জিলাৰ সভাপতি প্ৰণৱ বৰুৱা, সাধাৰণ সম্পাদক জন হাৱাইৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ৷

লগতে পঢ়ক: Crude oil smuggling : খাৰুৱা তেল চুৰি; সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.