ETV Bharat / state

Crude oil smuggling : খাৰুৱা তেল চুৰি; সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ

author img

By

Published : Jun 5, 2023, 10:39 PM IST

এখন টেংকাৰত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই ভেল্ভ সংযোগ কৰি খাৰুৱা তেল চুৰি কৰি ভৰাই থাকোঁতেই হাতে-লোটে জব্দ এখন টেংকাৰ(Crude oil smuggling)। সম্প্ৰতি আৰক্ষীয়ে অভিযান চলাই প্ৰায় আঠ দিনৰ পাচত খাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জড়িত সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ কৰে (Crude oil thieves arrested) ৷

4 arrested related to Crude oil smuggling
সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ

সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ

তিনিচুকীয়া, ৫ জুন: তিনিচুকীয়া জিলাৰ লগতে কাষৰীয়া অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা এটা শক্তিশালী চক্ৰই অব্যাহত ৰাখিছে চোৰাংভাৱে খাৰুৱা তেলৰ ৰমৰমীয়া বেহা ৷ যোৱা ২৬ মে’ পুৱা মাকুম লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত টেঙাপানী উৰাং বস্তিত লাংকাঁচি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ নেতৃত্বত এটা দলে এন এল ০২ কে ৭৬১৮ নম্বৰৰ এখন টেংকাৰত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই ভেল্ভ সংযোগ কৰি খাৰুৱা তেল চুৰি কৰি ভৰাই থাকোঁতেই হাতে-লোটে জব্দ কৰিছিল টেংকাৰখন (Crude oil smuggling)। টেংকাৰখনৰ পৰা প্ৰায় 9000 লিটাৰ খাৰুৱা তেল জব্দ কৰিবলৈ সক্ষম হৈছে ৷

এই খাৰুৱা তেল চুৰি কাৰ্যত লিপ্ত থকা কোনো ব্যক্তিক আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হোৱা নাছিল যদিও টেংকাৰখনত জব্দ হোৱা নথি-পত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই প্ৰায় আঠ দিনৰ পাচত খাৰুৱা তেল চুৰি চক্ৰৰ সৈতে জড়িত সাংবাদিকসহ চাৰিজনক গ্ৰেপ্তাৰ কৰে (Crude oil thieves arrested) ৷

সোমবাৰে এই সন্দৰ্ভত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ময়দুল ইছলামে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত জানিবলৈ দিয়ে যে, আৰক্ষীয়ে জব্দ কৰা উক্ত টেংকাৰখনৰ পাঁচটা চেম্বাৰৰ তিনিটা চেম্বাৰ খাৰুৱা তেলেৰে সম্পূৰ্ণ হৈছিল (Crude oil smuggling in Tinsukia)৷ আৰক্ষী গৈ পোৱা ১০ মিনিট পলম হোৱা হ’লে টেংকাৰ সম্পূৰ্ণ ভৰ্ত্তি কৰাি পলায়ন কৰিলেহেতেন দলটো ৷ টেংকাৰখনৰ মালিকে ইতিমধ্যে টেংকাৰখন অন্য এজন ব্যক্তিৰ নামত বিক্ৰী কৰিছে, কিন্তু উক্ত চক্ৰটোৰ মূল ব্যক্তিজন গুৱাহাটীৰ যদিও এই পৰ্যন্ত পলায়ন কৰি আছে ৷

আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰটোক তিনিটা ভাগত বিভক্ত কৰে ৷ প্ৰথমটো চক্ৰ হৈছে, যিসকল স্থানীয় লোকে তেল চুৰি কৰিব পৰাকৈ পৰিৱেশটো বনাই দিয়ে, দ্বিতীয়টো চক্ৰটো হৈছে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰাসকল আৰু তৃতীয়টো পক্ষই খাৰুৱা তেলখিনি লৈ গৈ বিক্ৰী কৰে ৷

এই চক্ৰৰ সৈতে প্ৰথম পক্ষ হিচাপে স্থানীয় বীৰবল গোঁহাই আৰু জাণ্টু মৰাণক আৰু মধ্যস্থতাকাৰীৰূপী তিনিচুকীয়াৰ সাংবাদিক অমৃত গগৈক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ কাৰণে আৰক্ষীয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লোৱাৰ লগতে আন এজন লোকক আটক কৰি সোধা পোছা কৰি থকা হৈছে ৷ জানিব পৰা মতে সাংবাদিক অমৃত গগৈয়ে আন এজন লোকৰ পৰা ৪০ হাজাৰ টকা লোৱা বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে যদিও দুই লাখ টকা বিভিন্ন পক্ষক মেনেজ কৰিবলৈ লোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহে ৷

লগতে আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত অব্যাহত ৰখাৰ লগতে চক্ৰটোৰ সৈতে জড়িত মূল ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ স্বাৰ্থত আটক কৰা আনজনৰ পৰিচয় জানিবলৈ দিয়া নাই যদিও এটা শক্তিশালী ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মী বুলি চৰ্চিত হৈছে ৷

উল্লেখযোগ্য যে, চোৰাংভাৱে তেলচুৰি চক্ৰৰ প্ৰাথমিক চক্ৰটোৰ পক্ষই প্ৰতি লিটাৰত ছয় টকাকৈ লয় আৰু তৃতীয় পক্ষটোৱে বিক্ৰী কৰে প্ৰতি লিটাৰত ২০ টকাকৈ বিক্ৰী কৰে ৷ গতিকে প্ৰতি টেংকাৰ চোৰাং খাৰুৱা তেলত ১০ লক্ষাধিক টকা লাভ কৰে খাৰুৱা তেল চুৰি চক্ৰটোৱে ৷ এতিয়া পৰৱৰ্তী সময়ত উক্ত শক্তিশালী তেলচুৰি চক্ৰটোৰ সৈতে জড়িত কাক কাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Gamblers Arrested in Udalguri: ওদালগুৰিত বন্দুক, বিলাসী বাহনসহ ৮ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.