ETV Bharat / state

Corruption in PMAY Scheme : বাৰেকুৰি গাঁও পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 7:38 PM IST

পঞ্চায়তৰ সভানেত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ দিয়াৰ নামত প্ৰায় ৭১৭ গৰাকী হিতাধিকাৰীৰ পৰা ২,০০০ টকাকৈ উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ ৷ ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ বাৰেকুৰি গাঁও পঞ্চায়তত ৷

Corruption in PMAY Scheme
দুৰ্নীতি-অনিয়মৰ গুৰুতৰ অভিযোগ

চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

তিনিচুকীয়া, 23 অক্টোবৰ : শাসনাধিষ্ঠ বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ যিমানেই ঢাক-ঢোল নবজাওক কিয়, কিন্তু স্বয়ং বিজেপিৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতি-অনিয়মৰ গুৰুতৰ অভিযোগ ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত বাৰেকুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী নিকুঞ্জ মহন্ত চেতিয়াৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷

পঞ্চায়তটোৰ ৱাৰ্ড সদস্যসহ সভাপতিগৰাকীৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰদান কৰাৰ নামত প্ৰায় 717 গৰাকী হিতাধিকাৰীৰ পৰা 2,000 হাজাৰ টকাকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ লগতে অৰুণোদয়, পি.এম.কিষাণ সন্মান নিধি, জব কাৰ্ডকে ধৰি অন্যান্য চৰকাৰী আঁচনি প্ৰদান কৰাৰ নামতো একাংশৰ পৰা উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়ত সভাপতিগৰাকীৰ বিৰুদ্ধে ৷

এই সন্দৰ্ভত ৰাইজে বাৰম্বাৰ ওজৰ-আপত্তি কৰাৰ পাছতো সভানেত্ৰীগৰাকীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ চৰকাৰী আঁচনি পোৱাৰ আশাত সহজ-সৰল ৰাইজে নিজৰ কষ্টৰে ঘটা ধন দিও কোনোধৰণৰ চৰকাৰী আঁচনি লাভ নকৰাত দিশহাৰা হৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাষ চাপিবলৈ বাধ্য হয় ৷ এই সন্দৰ্ভত সোমবাৰে বাৰেকুৰিৰ দীঘলসাঁকো ৰাজহুৱা খেলপথাৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰে সংগঠন দুটাই ৷

সোমবাৰে অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাৰ পৰাই স্থানীয় ৰাইজ, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত সভানেত্ৰী নিকুঞ্জ মহন্ত চেতিয়াৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ আয়ুক্তক তথ্য সহকাৰে অভিযোগ নামা দাখিল কৰিব বুলি সিদ্ধান্ত লয় ৷ ইয়াৰ পাছতো যদি সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে তিনিচুকীয়া জিলা প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাজপথত আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ৷

এই সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি পাপু দত্ত, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল ছেত্ৰী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক উমানন্দ মুদৈ মৰাণ, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সভানেত্ৰী অনিতা সোণোৱালসহ সম্পাদিকা গুণমালা মৰাণকে ধৰি শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক : Clash in BJP : ৰাজ্যিক বিজেপিত অব্যাহত নেকি ন-পুৰণি সংঘাত?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.