ETV Bharat / state

Clash in BJP : ৰাজ্যিক বিজেপিত অব্যাহত নেকি ন-পুৰণি সংঘাত?

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:22 PM IST

Senior BJP leader Shiladitya Dev ignored in CMs meeting in hojai
হোজাইত উপেক্ষিত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ

ৰাজ্যৰ ৰাজনীতিত সঁচাকৈয়ে এলাগী হৈ পৰিছে নেকি জ্যেষ্ঠ বিজেপি নেতা ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত উপেক্ষিত হ’ল হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ।

হোজাইত উপেক্ষিত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ

হোজাই, 23 অক্টোবৰ: পুনৰ ৰাজ্যিক বিজেপিত দেখা গৈছে খাম-খেয়ালি ৷ ন বিজেপিয়ে উপেক্ষিত কৰা পৰিলক্ষিত হ’ল হোজাইৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা শিলাদিত্য দেৱ । ইয়াৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত বিজেপিত সঁচাকৈয়ে জ্যেষ্ঠ বিজেপি নেতা এলাগী হৈ পৰিছে নেকি প্ৰশ্ন উত্থাপন হৈছে ৷

দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে হোজাই জিলাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই অনুষ্ঠানতে উপেক্ষিত হোৱা বুলি খেদ প্ৰকাশ কৰে হোজাইৰ প্ৰাক্তন বিধায়ক তথা ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ শিলাদিত্য দেৱ । দেওবাৰে আগবেলা হোজাই জিলাৰ লামডিঙত উপস্থিত হৈ আবেলি হোজাই চহৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিখনকৈ পূজা মণ্ডপত অংশ লৈ মাৰ আশীষ লয় ।

হোজাই বিহুতলীত মুখ্যমন্ত্ৰীৰ হেলিকপ্তাৰ অৱতৰণৰ বাবে অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছিল । মুখ্যমন্ত্ৰীক হেলিপেডতে আদৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াক প্ৰদান কৰা হৈছিল বিজেপি নেতা আৰু চৰকাৰী বিষয়াৰ নামৰ তালিকা । তাৎপৰ্যপূৰ্ণভাৱে, সেই তালিকাত নামেই নাছিল প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ নাম ।

যাৰ বাবে নিৰাপত্তাৰক্ষীয়ে হেলিপেডৰ ভিতৰত প্ৰৱেশ কৰিব নিদিলে বিজেপিৰ জ্যেষ্ঠ নেতাজনক । পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয়, "মোৰ নাম নথকাৰ বাবে মই অস্থায়ী হেলিপেডত প্ৰৱেশ কৰিব নোৱাৰিলো ৷ যিসকলৰ নাম আছে সেই সকলেহে মুখ্যমন্ত্ৰীক আদৰিবৰ বাবে অস্থায়ী হেলিপেডত প্ৰৱেশ কৰিব পাৰিছে ৷"

হোজাইৰ প্ৰাক্তন বিধায়কগৰাকীৰ নাম নথকা বিষয়টোৱে অৱশ্যে ৰাজ্যৰ ৰাজনীতিত বহন কৰিছে বিশেষ তাৎপৰ্য ৷ সমান্তৰালভাৱে শেহতীয়া এই ছবিখনে যেন ন-পুৰণি বিজেপিৰ মাজৰ সংঘাতৰ ছবিখনকে প্ৰতিফলিত কৰিছে ৷

লগতে পঢ়ক: Defence Minister NE tour : টাৱাং ৱাৰ মেমৰিয়েলত বিজয়া দশমীত অংশ ল’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.