ETV Bharat / state

Raped and killed at Margherita : জঘন্য: কিশোৰীক ধৰ্ষণ কৰি চেপটিক টেংকত ভৰালে মৃতদেহ

author img

By

Published : May 4, 2023, 9:37 AM IST

Updated : May 4, 2023, 9:57 AM IST

মাৰ্ঘেৰিটাত ধৰ্ষণ কৰি হত্যা কৰা হ’ল এগৰাকী ১২ বছৰীয়া কিশোৰীক (12 year old girl raped and killed at Margherita) ৷ পলাতক হৈ আছে ঘটনাৰ মূল অভিযুক্ত আনন্দ তাঁতী ৷ ইতিমধ্যে অভিযুক্ত আনন্দ তাঁতীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

12 year old girl raped and killed at Margherita
মাৰ্ঘেৰিটাত সৃষ্টি এক উত্তপ্ত পৰিস্থতি

মাৰ্ঘেৰিটাত সৃষ্টি এক উত্তপ্ত পৰিস্থতি

তিনিচুকীয়া, ৪ মে’ : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থতি ৷ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ১ মে’ৰ পৰা নিৰুদ্দেশ হৈ থকা এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ মৃতদেহ ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে (Margherita raped and killed case) ৷

বুধবাৰে বিয়লি মাৰ্ঘেৰিটাৰ জয়ানগৰস্থিত এটা ভাড়াঘৰৰ চেপটিক টেংকত (Septic Tank) উদ্ধাৰ হয় নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীৰ মৃতদেহ ৷ এই কথা গম পাই উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ তাৰ পাচতে খবৰ দিয়া হয় আৰক্ষীক ৷ আনকি এই ঘটনাৰ সৈতে আনন্দ তাঁতী নামৰ এগৰাকী ব্যক্তি জড়িত আছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে ৷

স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিতে আনন্দ তাঁতীৰ পত্নীক আৰক্ষীয়ে জেৰা চলায় ৷ আৰক্ষীৰ জেৰাত আনন্দ তাঁতীৰ পত্নীয়ে তেওঁৰ স্বামীয়ে কিশোৰীগৰাকীক হত্যা কৰা বুলি স্বীকাৰ কৰে ৷ অৱশ্যে বৰ্তমানো পলাতক অৱস্থাত আছে অভিযুক্ত আনন্দ তাঁতী । ইফালে আনন্দ তাঁতীৰ পত্নীৰ ভাষ্য অনুসৰি, বুধবাৰে নিশাই চেপটিক টেংকৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷ তাৰ পাচতে মৃতদেহটো মাৰ্ঘেৰিটা আৰক্ষী থানালৈ লৈ যায় আৰু পৰৱৰ্তী পৰ্যায়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

সমান্তৰালভাৱে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰাৰ বাবে ঘটনাস্থলীত বৃহৎ আৰক্ষী বাহিনী মোতায়েনো কৰা হয় । প্ৰাথমিক তদন্তত কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে (12 year old girl raped and killed at Margherita)।

উল্লেখযোগ্য যে, ১ মে’ৰ নিশা মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত হোৱা বিহু উৎসৱ চাই পুৱতি নিশা কিশোৰীগৰাকীৰ লগতে মাতৃগৰাকীয়ে আনন্দ তাঁ‌তী নামৰ ব্যক্তিজনৰ ঘৰত থাকে । যিহেতু পূৰ্বৰ পৰা কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে চিনাকি আছিল অভিযুক্ত তাঁতীৰ পৰিয়ালটো । পুৱা কিশোৰীগৰাকী শুই থকা দেখি পলমকৈ ঘৰলৈ যাব ভাবি নিজ ঘৰলৈ গুচি যায় কিশোৰীগৰাকীৰ মাতৃ । তাৰ পাচৰ পৰাই কিশোৰীগৰাকী নিৰুদ্দেশ হৈ পৰে ৷ কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত মাতৃগৰাকীয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত ২ মে’ত এক গোচৰো দাখিল কৰে ।

ইয়াৰ পাচতেই বুধবাৰে নিশা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীৰ মৃতদেহ । ইতিমধ্যে ঘটনা সংঘটিত কৰা ভাৰাঘৰটো আৰক্ষীয়ে ছীল কৰি দিয়ে ৷ লগতে অভিযুক্ত আনন্দ তাঁতীৰ পত্নীকো আটক কৰে আৰক্ষীয়ে ৷ ইফালে অভিযুক্ত আনন্দ তাঁতীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । অন্যহাতে, দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবীত লিডু ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : MPLAD fund irregularities : সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰী; খাৰিজ শৰ্মিষ্ঠা বৰাৰ অন্তৱৰ্তী জামিন আবেদন

Last Updated :May 4, 2023, 9:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.