ETV Bharat / state

MPLAD fund irregularities : সাংসদৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ কেলেংকাৰী; খাৰিজ শৰ্মিষ্ঠা বৰাৰ অন্তৱৰ্তী জামিন আবেদন

author img

By

Published : May 4, 2023, 7:29 AM IST

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে নিলম্বিত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই বিচৰা অন্তৱৰ্তী জামিন আবেদন (Gauhati HC Dismisses Bail Plea of ACS Sharmistha Borah) ৷ সাংসদ অজিত কুমাৰ ভূঞাৰ ‘‘সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজি’’ৰ ব্যৱহাৰত হোৱা দুৰ্নীতিৰ গোচৰত নিলম্বিত হৈছিল এ চি এছ বিষয়াগৰাকী ৷ আনকি 22 মে’ত এই গোচৰৰ কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

MPLAD fund irregularities
অগ্ৰাহ্য হ’ল নিলম্বিত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাৰ অন্তৱৰ্তী জামিন আবেদন

গুৱাহাটী, 4 মে’ : সাংসদ অজিত কুমাৰ ভূঞাৰ ‘‘সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজি’’ৰ ব্যৱহাৰত হোৱা দুৰ্নীতিৰ গোচৰত নিলম্বিত হৈছিল এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰা (MPLAD fund irregularities) ৷ তাৰ পাচতে এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই অন্তৱৰ্তী জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ৷ কিন্তু বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে নিলম্বিত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই বিচৰা অন্তৱৰ্তী জামিন আবেদন (Gauhati HC Dismisses Bail Plea of ACS Sharmistha Borah) ৷

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ গোচৰত অন্যতম অভিযুক্ত এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰাই আগতীয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ বুধবাৰে শুনানি আছিল । এই শুনানিৰ সময়ত বৰাৰ অধিবক্তাই অন্তৱর্তী সকাহ অর্থাৎ অন্তৱৰ্তী আগতীয়া জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে সেই আবেদন নামঞ্জুৰ কৰে । ৰাজ্য চৰকাৰৰ হৈ লোক ফৰিয়াদী মাখন ফুকনে বৰাৰ অগ্ৰিম জামিনৰ বিৰোধিতা কৰে ।

আদালতে বৰাৰ অন্তৱৰ্তী জামিনৰ আবেদন খাৰিচ কৰি চৰকাৰক 22 মে’ত গোচৰৰ কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে । সেই দিনাই শৰ্মিষ্ঠা বৰাৰ আবেদনৰ পৰৱৰ্তী শুনানি হ’ব । আনহাতে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ গোচৰটোৰ আন দুজন অভিযুক্ত নিলম্বিত এ চি এছ বিষয়া সুকন্যা বৰাকে ধৰি দুজনে আগতীয়া জামিন বিচাৰি আবেদন কৰিছিল ।

বৃহস্পতিবাৰে তেওঁলোকৰ আবেদন উত্থাপন হোৱাৰ কথা । ইপিনে, গোচৰটোৰ তিনি অভিযুক্তক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জেৰা কৰে । নিলম্বিত এ চি এছ বিষয়াকেইজনক জেৰাৰ বাবে তদন্তকাৰী বিষয়াই চমন দিছে যদিও তেওঁলোক হাজিৰ হোৱা নাই (4 ACS officers suspended for MPLAD fund irregularities)।

উল্লেখযোগ্য যে, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত ক্ষীপ্ৰতাৰে কৰি আছে । ইতিমধ্যে ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এগৰাকী আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন কৰিছে । নিলম্বিত আই এ এছ বিষয়াগৰাকী হ’ল শেৱালি দেৱী শৰ্মা ।

আনহাতে, নিলম্বন হোৱা এ এচি এছ বিষয়া চাৰিগৰাকী হৈছে কামৰূপ জিলাৰ প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ বৰদলৈ, অসম সচিবালয়ৰ উপ-সচিব শৰ্মিষ্ঠা বৰা, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়া হেমন্ত কুমাৰ দত্ত (4 Assam Civil Service officers suspended) ।

লগতে পঢ়ক : Karnataka poll campaign: কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে ছোনিয়া গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.