ETV Bharat / state

নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তি : শোকাচ্ছন্ন ওপজা চহৰ তেজপুৰ

author img

By

Published : Oct 27, 2022, 10:42 PM IST

নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিৰ পিছতে তেওঁৰ ওপজা স্থান সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে ৷ স্মৃতি হৈ ৰ'ল নিপন গোস্বামীৰ তেজপুৰৰ কলিবাৰীৰ বিখ্যাত বাসগৃহ (Veteran actor Nipon Goswami dies) ৷

Veteran actor Nipon Goswami dies
নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তি : শোকাচ্ছন্ন ওপজা চহৰ তেজপুৰ

তেজপুৰৰ, ২৭ অক্টোবৰ : অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী আৰু নাই (Veteran actor Nipon Goswami dies) ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । তেওঁৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰিছে ।

নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তিৰ পিছতে তেওঁৰ ওপজা স্থান সংস্কৃতিৰ নগৰী তেজপুৰত শোকৰ ছাঁ পৰিছে ৷ স্মৃতি হৈ ৰ'ল তেজপুৰৰ কলিবাৰীৰ বিখ্যাত বাসগৃহটো ৷ ১৯৪২ চনৰ ২ ছেপ্টেম্বৰত তেজপুৰ কলিবাৰীৰ সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু অসমীয়া চলচ্চিত্ৰজগৰ মহীৰূহ অভিনেতাগৰাকীয়ে জন্মসূত্ৰেই পিতৃ মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ জৰিয়তে যেন এক দূৰন্ত অভিনয় প্ৰতিভা লৈহে জন্মগ্ৰহণ কৰিছিল ।

৭-৮ বছৰ বয়সতে "লাচিত বৰফুকন" নামৰ নাটকত অভিনয় কৰি দক্ষতাৰ পৰিচয় দিয়াৰ পিছৰ পৰা যেন আৰু পিছলৈ ওভতি চাব লগা হোৱা নাছিল । স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতেই পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰশিক্ষণৰ বাবে ঢাপলি মেলা নিপন গোস্বামীয়ে "সংগ্ৰাম", "ডক্টৰ বেজবৰুৱা, শেষ বিচাৰ, আজলী নবৌ, ককা দেউতা নাতি আৰু হাতী, নয়নমণি, জীৱন সুৰভি, প্ৰতিমা, শকুন্তলা আৰু শংকৰ জোচেফ আলি, দূৰণিৰ ৰং, চিৰাজ, ব'হাগৰ দুপৰীয়াকে ধৰি প্ৰায় শতাধিক চলচ্চিত্ৰত দক্ষতাৰে অভিনয় কৰি অসমীয়া দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ।

সেইখিনি সময়তে পুণেৰ প্ৰতিষ্ঠানত সুভাষ ঘাই, শত্ৰুঘ্ন সিনহা, নবীন নিশ্চল, জালাল আগা, ৰাকেশ পাণ্ডে আদিক সহপাঠী হিচাপে পোৱা তেজপুৰ কলিবাৰীৰ বিখ্যাত বাসগৃহটিৰ পৰাই অভিনয় ক্ষেত্ৰখনত একাণপতীয়াকৈ লাগি পৰা এইগৰাকী অতি জনপ্ৰিয় অভিনেতাই তেজপুৰ কলিবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাধ্যমিক শিক্ষা আৰু দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি ঢাপলি মেলিছিল পুণেলৈ ।

অসমীয়া চলচ্চিত্ৰৰ লগতে কহিনুৰ, আবাহন, হেঙুল, শকুন্তলা আদি ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰা নিপন গোস্বামীয়ে ভ্ৰাম্যমাণৰ মঞ্চত কৰা "অসীমত যাৰ হেৰাল সীমা"ৰ চন্দনৰ চৰিত্ৰৰ অভিনয়ৰ সাৱলীলতা আজিও দৰ্শকৰ অন্তৰত সাঁচ বহি আছে । ১৯৫৭ চনত মুক্তি লাভ কৰা ফণী শৰ্মা পৰিচালিত "পিয়লি ফুকন" চৰিত্ৰত অভিনয় কৰাৰ সময়ত পিতৃ চন্দ্রধৰ গোস্বামীয়ে কৰিছিল নাম ভূমিকাত অভিনয়।

নিপন গোস্বামীৰ পৰলোকপ্ৰাপ্তি : শোকাচ্ছন্ন ওপজা চহৰ তেজপুৰ

এইগৰাকী পুৰোধা শিল্পীৰ বাসগৃহৰ সন্মুখতে উপস্থিত হৈ আজি সান্নিধ্য লাভ কৰা আন এগৰাকী অভিনেতা, কলাগুৰুৰ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই শোক প্ৰকাশ কৰি তেওঁৰ অভিনয় প্ৰতিভা স্মৰণ কৰি সাংবাদিকৰ আগত গুৱাহাটীত নিপন গোস্বামীৰ লগত "লাচিত বৰফুকন" নাটকত কৰা স্মৃতি ৰোমন্থন কৰি নিপন গোস্বামীৰ নাটক সম্পৰ্কে যি জ্ঞান আছিল সেই জ্ঞান পাহৰিব নোৱাৰো বুলি মন্তব্য কৰি শিল্পী গৰাকীয়ে "ডক্টৰ বেজবৰুৱা" চিনেমাত কৰা মনপৰশা অভিনয়ৰ পিছত থমকি ৰ'ব লগা হোৱা নাই বুলি কৈ সৰুৰে পৰা এগৰাকী ষ্টাইলিষ্ট আছিল বুলি মন্তব্য কৰে।

আনহাতে তেজপুৰৰ বহু মঞ্চ নাটকৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতত প্ৰতিষ্ঠা লাভ কৰি এগৰাকী অবিসম্বাদী অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা নিপন গোস্বামীৰ অন্যতম ঘনিষ্ঠ সান্নিধ্য লাভ কৰা বিশিষ্ট নাট্যকাৰ পৰিচালক তথা লেখক ঐশ্বৰ্য্য কাকতিয়ে নিপন গোস্বামী অতি মানুহ ভাল পোৱা অভিনেতা আছিল বুলি পূৰ্বৰ বহু স্মৃতি ৰোমন্থন কৰি সাংবাদিকৰ কয় - অতি অভিন্ন হৃদয়ৰ দুই বন্ধু নিপন আৰু দিনেশৰ মাজৰ পৰা আজি কায়িকভাৱে আঁতৰি গ'ল নিপন ।

জীৱনৰ বিয়লি বেলাত হয় পত্নীৰ সান্নিধ্য নহয় বন্ধুৰ সান্নিধ্যই মানসিক প্ৰশান্তি প্ৰদান কৰে । সেয়েহে বন্ধুৰ মৃত্যু অসহনীয় বুলি কৈ "উপপথ" নাটকত তেওঁৰ সৈতে কৰা অভিনয়ৰ স্মৃতি ৰোমন্থন কৰে । উল্লেখ্য যে, এইগৰাকী পুৰোধা অভিনেতাৰ পুৱা ৯ বাজি ১৫ মিনিটত পৰলোকপ্ৰাপ্তি ঘটাৰ বতৰা পোৱাৰ পিছতে শোকাচ্ছন্ন হৈ সমগ্ৰ তেজপুৰবাসী ।

শিল্পী গৰাকীৰ মৃত্যুত বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, সদৌ অসম সাংবাদিক সন্থা, শোণিতপুৰ প্ৰেছ ক্লাৱ, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জ্যোতি কমল হাজৰিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, তেজপুৰ জনসাংস্কৃতিক পৰিষদ, দামোদৰ দেৱ সংঘ, অসম নাট্য সন্মিলন, সাংস্কৃতিক অনুষ্ঠান চাতক, জ্যোতি ভাৰতী, তৰুণ অসম সংঘ, অসমীয়া ক্লাৱ, অসমীয়া ভাষা উন্নতি সাধিনী সভাকে ধৰি তেজপুৰৰ বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত আজি সন্ধিয়া পুৰোধা শিল্পী গৰাকীৰ ওপজা চহৰ তেজপুৰৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ "জ্যোতি ভাৰতী" ত শোণিতপুৰ জিলা প্ৰশাসনৰ দ্বাৰা অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ প্ৰায় সকলো অনুষ্ঠানৰ প্ৰতিনিধিৰ লগতে শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহন কৰে ।

শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ দ্বাৰা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, নিপন গোস্বামীৰ বন্ধু, বিশিষ্ট অভিনেতা - পৰিচালক ঐশ্বৰ্য কাকতি, বিশিষ্ট চলচ্চিত্ৰ অভিনেতা অৰুণ নাথ, প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী কৃষ্ণা দাস নাথ, এমট্ৰ’নৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা আদিয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড৹ ভূপেন শইকীয়া, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোঁহাঞি বৰুৱা, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, কল্পনা বৰুৱা, তৰুলতা দাস আদিৰ লগতে বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

আনহাতে শিল্পীগৰাকীৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো আজি সন্ধিয়া অনুষ্ঠিত হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ দ্বাৰা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:Nipon Goswami death : অশ্ৰুসিক্ত নয়নেৰে বিদায় নিপন গোস্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.