ETV Bharat / state

Timber Smuggling : সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত গ্ৰেপ্তাৰ চোৰাং কাঠকটীয়া

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:42 AM IST

Smuggled timber arrested in Sonai Rupai Wildlife Sanctuary
সোণাই ৰূপাই বন্যপ্ৰানী অভয়াৰণ্য

মিছামাৰীৰ সোণাই-ৰূপাই অভয়াৰণ্যত বনকৰ্মীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং কাঠকটীয়াক ৷ গোপন সূত্ৰৰ ভিত্তিত বনকৰ্মীয়ে চলাইছিল অভিযান ৷ চোৰাং কাঠকটীয়াজন প্ৰেমজিৎ বসুমতাৰী বুলি জানিব পৰা গৈছে ৷ বনৰক্ষীয়ে মংগলবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্তক ৷

সোণাই ৰূপাই বন্যপ্ৰানী অভয়াৰণ্যত গ্ৰেপ্তাৰ চোৰাং কাঠকটীয়া

ৰঙাপাৰা, 8 অক্টোবৰ: জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল স্বৰূপ মিছামাৰীৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পিছত এইবাৰ চোৰাং কাঠকটীয়াৰ দৃষ্টি পৰিছে অৰুণাচল প্ৰদেশৰ পাহাৰত। সোমবাৰে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীসকলে এজন চোৰাং কাঠকটীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । তাৰোপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ভিতৰত চোৰাং কাঠকটীয়াৰ দপদপনি তথা মানুহৰ অবৈধ প্ৰৱেশ ঘটাৰ কথাও পোহৰলৈ আহিছে ।

প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱাৰ ভাগত অভয়াৰণ্যখনৰ ভিতৰৰ দুৰ্গম ঠাইত চোৰাং কাঠকটীয়াৰ তিনিজনীয়া এটা দলে গছ কটাৰ উদ্দেশ্যৰে প্ৰৱেশ কৰাৰ এক তথ্য লাভ কৰিছিল বনকৰ্মীসকলে । সেই তথ্যৰ ভিত্তিতে অসম-অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত এটা তহলদাৰী বনৰক্ষীৰ দলে অভিযান চলাইছিল । অভিযানৰ সময়তে তহলদাৰী বনৰক্ষীৰ দলটোৱে চোৰাং কাঠকটীয়া তিনিজনক দেখা মাত্ৰকে পলাবলৈ বাধা প্ৰদান কৰে । চোৰাং কাঠকটীয়াকেইটাই ডাঠ হাবিৰ মাজেৰে পলাবলৈ ধৰোতে বনৰক্ষী জোৱানে তিনি জাঁইকৈ গুলি শূন্যলৈ চলায় ।

অৱশ্যে এজন চোৰাং কাঠকটীয়াক অভিযানকাৰী দলটোৱে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় যদিও আন দুজন পলাই যায় ৷ বনৰক্ষীৰ দলটোৱে অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ পৰা আটক কৰা চোৰাং কাঠকটীয়াজন প্ৰেমজিৎ বসুমতাৰী (33) আৰু ঘৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মাউৰীয়াপুৰত বুলি জানিব পৰা গৈছে ।

স্মৰ্তব্য যে বিগত কেইবাটাও দশক ধৰি ব্যাপক হাৰত বন ধ্বংস যজ্ঞ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আনহাতে, বনৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং কাঠকটীয়া প্ৰেমজিৎ বসুমতাৰীক বনৰক্ষীয়ে মংগলবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: Protest against Oil: অইল ইণ্ডিয়াৰ মূখ্য পৰিচালকৰ পুত্তলিকা জ্বলাই প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.