Protest against Oil: অইল ইণ্ডিয়াৰ মূখ্য পৰিচালকৰ পুত্তলিকা জ্বলাই প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:15 AM IST

thumbnail

মৰাণ, 8 নৱেম্বৰ: অইল ইণ্ডিয়াৰ নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ অইল ইণ্ডিয়া কৰ্তৃপক্ষই অনুষ্ঠিত কৰা বিভিন্ন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰায়েই বিসংগতি সংঘটিত হোৱাৰ লগতে ৰাজনৈতিক নেতাৰ লগতে অইলৰ বিষয়াই স্বজন-তোষণৰ দ্বাৰা নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে সময়ে-সময়ে । শেহতীয়াকৈ অইল ইণ্ডিয়াই অনুষ্ঠিত কৰা কাৰিকৰী পদৰ নিযুক্তি পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল- সংগঠনে । 

দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । অইল ইণ্ডিয়াৰ মূখ্য পৰিচালক ৰঞ্জিত ৰথৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তিয়ে । অনুষ্ঠিত হোৱা 187 টা কাৰিকৰী পদৰ বিসংগতিপূৰ্ণ নিযুক্তি পৰীক্ষাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত বৃহৎ সংখ্যক আৰক্ষী, অইলৰ নিৰাপত্তা বাহিনী মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে অইল ইণ্ডিয়াই কৰ্তৃপক্ষই । 

লগতে পঢ়ক: AAP leader critisize Sherman Ali : শ্বেৰমান আলীক মুকলি প্ৰত্যাহ্বান আপ নেতাৰ; কিন্তু কিয়?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.