ETV Bharat / state

AAP leader criticizes Sherman Ali : শ্বেৰমান আলীক মুকলি প্ৰত্যাহ্বান আপ নেতাৰ; কিন্তু কিয়?

কলগাছিয়াত আম আদমী পাৰ্টীৰ ৰাজ্যিক পৰ্যায়ৰ সাংগঠনিক সম্পাদক শ্বফি কামালে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু AIUDF প্ৰদান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় । বদৰুদ্দিন আজমল আৰু বিজেপিৰ মাজত মিতিৰালি বুলি উল্লেখ কৰি আৰু বিধায়ক শ্বেৰমান আলী আহমেদ একে পথৰ পথিক বুলি কয় কামালে ।

AAP Leader slams Sherman Ali for his controversial behaviour in Kalgachia
আম আদমী পাৰ্টীৰ ৰাজ্যিক পৰ্যায়ৰ সাংগঠনিক সম্পাদক শ্বফি কামাল

Published : November 8, 2023 at 7:14 AM IST

|

Updated : November 8, 2023 at 10:31 AM IST

Choose ETV Bharat
শ্বেৰমান আলীক মুকলি প্ৰত্যাহ্বান আপ নেতাৰ

জনিয়া, 8 নৱেম্বৰ: বিধায়ক শ্বেৰমান আলী আহমেদৰ শেহতীয়া আচৰণ সন্দৰ্ভত বিধায়কজনক তীক্ষ্ণ সমালোচনা কৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক পৰ্যায়ৰ সাংগঠনিক সম্পাদক শ্বফি কামালে ৷ সমষ্টিৰ এজন মূৰব্বীয়ে কেৱল কাম কৰিলেই নহ’ব বুলি উল্লেখ কৰি এখন ৰাজহুৱা স্থানত এজন জন প্ৰতিনিধিৰ এনে ভাষাৰ ব্যৱহাৰ গৰিহণাৰ যোগ্য ।

সমষ্টিত সাধাৰণ পৰিয়ালবোৰৰ সন্মুখত ইংৰাজীত কথা কোৱা সন্দৰ্ভত বিধায়কজনে কয়, "কেৱল সমষ্টিত ইংৰাজীত কথা কৈ নিজকে ৰজা বুলি ভবাটো উচিত নহয় ৷ ইংৰাজী ক’ব জনা লোক কেৱল আপুনি এজনেই নহয় ।" লগতে কামালে আপুনি ৰাইজৰ সেৱক গতিকে ৰাইজৰ কথা কোৱাৰ অধিকাৰ আছে বুলি উল্লেখ কৰি মইনবড়িৰ জনসাধাৰণখিনি ভদ্ৰ বাবেহে বিধায়কগৰাকীয়ে গৰু পিটন নাখালে বুলি মন্তব্য কৰে ।

ইয়াৰ লগতে, বদৰুদ্দিন আজমল সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় আপ নেতাজনে ৷ বদৰুদ্দিন আজমলে মুছলমানক আবেগিক কৰি একত্ৰিত কৰিব বুলি উল্লেখ কৰি বিজেপিয়ে এফালে হিন্দুসকলক একত্ৰিত কৰি তেওঁলোকৰ আসন লৈ ল’ব বুলি কয় । বদৰুদ্দিন আজমলে বিজেপিৰ সপক্ষে মাত মাতি আছে বুলি প্ৰশ্ন উত্থাপন কৰি AAP নেতাগৰাকীয়ে কয়, " আজমলে কৈ আছে কংগ্ৰেছে লোকসভা নিৰ্বাচনত কোনো আসন নাপায় ৷ AIUDF যে দাবী কৰিছে তেওঁলোকে 3 খন আসন লাভ কৰিব ৷ তেন্তে বাকী 11 খন আসন কোনে পাব ।

আপ নেতাজনে বিধায়ক শ্বেৰমান আলী আহমেদ আৰু আজমল একে পথৰ পথিক বুলি উল্লেখ কৰি শ্বেৰমানে আজমলৰ সুৰত সুৰ মিলাই আছে বুলি কয় । আজমলে যি কয় শ্বেৰমান আলীয়ে তাকেই সমৰ্থন কৰি আহিছে বুলিও বিস্ফোৰক অভিযোগ তোলে আপ নেতা শ্বফি কামালে ৷

লগতে পঢ়ক: MLA Sherman Ali Controversy: পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী; প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগীক গ্ৰেপ্তাৰৰ ভাবুকি !

Last Updated : November 8, 2023 at 10:31 AM IST