ETV Bharat / state

MLA Sherman Ali Controversy: পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী; প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগীক গ্ৰেপ্তাৰৰ ভাবুকি !

পুনৰ খং উঠিল বিধায়ক শ্বেৰমান আলী আহমেদৰ । প্ৰশ্ন কৰাৰ বাবেই ভুক্তভোগী যুৱকক গ্ৰেপ্তাৰৰ ভাবুকি বিতৰ্কিত বিধায়ক শ্বেৰমান আলীৰ । শেহতীয়া বিভিন্ন বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৷

Controversial MLA Sherman Ali threatened to arrest in Kalgachia
পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী

Published : November 7, 2023 at 1:33 PM IST

Choose ETV Bharat
পুনৰ গৰজিল বিধায়ক শ্বেৰমান আলী

জনীয়া, 7 অক্টোবৰ: অন্ত পৰা নাই বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদৰ উৰ্ধতালি ৷ কলগাছিয়াৰ ময়নবৰীত বেকী নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ সময়তে ভুক্তভোগী জনতাক গ্ৰেপ্তাৰৰ ধমকি প্ৰদান কৰে বিধায়ক শ্বেৰমান আলী আহমেদে। উল্লেখ্য যে, ময়নবৰীত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত বছৰে বছৰে নদীৰ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ । ঘৰ-বাৰী, ভেটি-মাটি সৰ্বস্ব হেৰুৱাই বৰ্তমান দিশহাৰা হৈ পৰিছে শতাধিক পৰিয়াল ।

এই পৰিস্থিতি নিৰীক্ষণ কৰাৰ উদ্দেশ্যৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে জলসম্পদ বিভাগৰ অভিযন্তাৰ উপৰিও এটা সজাতি দলে উক্ত অঞ্চলটোত উপস্থিত হয় ৷ বিতৰ্কিত বিধায়কগৰাকীয়ে আগন্তুক জানুৱাৰী মাহৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ আশ্বাস প্ৰদান কৰে । উক্ত সময়ছোৱাতে গৰাখহনীয় সম্বন্ধীয় এক সমস্যা জনপ্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰিবলৈ লোৱাৰ সময়তে গৰজি উঠে বিতৰ্কিত বিধায়কগৰাকী ৷ কেৱল গৰজি উঠাতেই সীমাৱদ্ধ নাথাকি গ্ৰেপ্তাৰৰ ভাবুকি প্ৰদান কৰে ভুক্তভোগী যুৱকজনক ৷

কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলী আহমেদে কয়, "বিজেপিয়ে যি দৰে অসমৰ ৰাইজক দুভাগত বিভক্ত কৰাৰ চেষ্টা কৰিছে, ঠিক সেইদৰে আফতাবুদ্দিন মোল্লাই বিজেপিৰ কথা মতে চলে । আফতাবুদ্দিন মোল্লা কেনেকুৱা চৰিত্ৰৰ মানুহ অসমৰ ৰাইজে জানে ।"

আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই মুছলমান সম্প্ৰদায়ৰ মাজত অপৰাধ প্ৰৱণতা বেছি বুলি আগবঢ়োৱা মন্তব্যৰ বিৰোধিতা জনায় তেওঁ কয়, "বিজেপিয়ে কেৱল সাম্প্ৰদায়িক মন্তব্য কৰে ৷ চোৰ-ডকাইত সকলো ধৰ্মতে আছে ৷ "

উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ পূৰ্বেও নিৰাপত্তাৰক্ষীক গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল বিধায়কগৰাকীয়ে ৷ ইয়াৰোপৰি নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছিল বিধায়কগৰাকীৰ ৷

লগতে পঢ়ক: Nobel Peace Prize laureate on hunger strike: চিকিৎসাৰ দাবীত কাৰাৰুদ্ধ অৱস্থাতে অনশনত বহিল নোবেল বঁটা বিজয়ী নাৰ্গিছ