ETV Bharat / international

Nobel Peace Prize laureate on hunger strike: চিকিৎসাৰ দাবীত কাৰাৰুদ্ধ অৱস্থাতে অনশনত বহিল নোবেল বঁটা বিজয়ী নাৰ্গিছ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 10:04 AM IST

শাৰিৰীক অসুস্থতা ভুগিছে শান্তিৰ নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদী ৷ কাৰাগাৰ কৰ্তৃপক্ষই চিকিৎসা সেৱা প্ৰদান নকৰাৰ অভিযোগ কৰিছে শান্তিৰ নোবেল বঁটা বিজয়ীগৰাকীয়ে ৷ হৃদযন্ত্ৰ আৰু হাওঁফাওঁজনিত সমস্যাত ভুগিছে মানৱ অধিকাৰ কৰ্মীগৰাকী ৷

Imprisoned Nobel Peace Prize laureate Narges goes on hunger strike
চিকিৎসাৰ দাবীত কাৰাৰুদ্ধ অৱস্থাতে অনশনত বহিল নোবেল বঁটা বিজয়ী নাৰ্গিছ

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 নৱেম্বৰ: 2023 বৰ্ষত কাৰাবন্দী অৱস্থাতে শান্তিৰ নোবেল বঁটা লাভ কৰা নাৰ্গিছ মহম্মদীয়ে সোমবাৰৰ পৰা আৰম্ভ কৰে অনশন ৷ ইৰাণে শান্তিৰ নোবেল বঁটা বিজয়ীগৰাকীক চিকিৎসা সেৱা প্ৰদানত অস্বীকাৰ কৰাৰ লগতে দেশখনৰ কঠোৰ হিজাব পৰিধান নিয়মৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অনশনত বহে নাৰ্গিছ । মানৱ অধিকাৰ কৰ্মী সংবাদ সংস্থাই জনোৱা মতে, যোৱা সপ্তাহত 51 বছৰীয়া যুৱতীগৰাকীক হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাবলৈ দিয়া হোৱা নাছিল কাৰণ তেওঁ ইছলাম ধৰ্মাৱলম্বী নিয়ম অনুসৰি হিজাব পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল ।

51 বছৰীয়া মহম্মদীৰ এই সিদ্ধান্তই ইৰাণৰ প্ৰশাসনৰ প্ৰতি হেঁচা বৃদ্ধি কৰিছে ৷ চৰকাৰে মহম্মদীক লক্ষ্য কৰি দশক ধৰি অভিযান চলাইছিল ৷ অৱশ্যে তাৰ পিছতো নিজৰ অভিযানৰ ক্ষেত্ৰত সক্ৰিয়তাৰে আগবাঢ়িছিল নোবেল বঁটা বিজয়ীগৰাকী ৷ নোবেল বঁটা লাভ কৰাৰ এমাহৰ পাছত অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰে নোৱেল বঁটা বিজয়ীগৰাকীয়ে । ইফালে, আন এগৰাকী কাৰাবন্দী কৰ্মী অধিবক্তা নাছৰিন ছ’টৌদেহক চিকিৎসা সেৱাৰ প্ৰয়োজন বুলি জানিব পৰা গৈছে । হিজাব পৰিধান নকৰাকৈয়ে তেহৰাণৰ মেট্ৰ’ত চাঞ্চল্যকৰ পৰিস্থিতিত মৃত্যু হোৱা এগৰাকী কিশোৰীৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হয় নাছৰিনক ।

বিদেশত থকা তেওঁৰ পৰিয়াললৈ ইভিন কাৰাগাৰৰ পৰা প্ৰদান কৰা এক বক্তব্যত নাৰ্গিছ মহম্মদীয়ে জনায় যে তেওঁ কেবাঘণ্টাৰ আগতে অনশন আৰম্ভ কৰিছে । লগতে, মহম্মদী আৰু তেওঁৰ অধিবক্তাই হৃদযন্ত্ৰ আৰু হাওঁফাওঁ চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসালয়লৈ বদলিৰ বাবে কেইবা সপ্তাহ ধৰি আবেদন জনাই আহিছে বুলিও পৰিয়ালক অৱগত কৰে ৷

লগতে, নোবেল বঁটা বিজয়ীগৰাকীৰ এই পৰিস্থিতিৰ বাবে ইছলামিক ৰিপাব্লিক দায়ী বুলি উল্লেখ কৰি মহম্মদীয়ে ঔষধ খাবলৈ অস্বীকাৰ কৰি কেৱল পানী, চেনি আৰু নিমখ সেৱন কৰা বুলি পৰিয়ালে জনায় । মহম্মদীক শান্তিৰ বঁটা প্ৰদান কৰা নৰৱেৰ নোবেল কমিটীয়ে বঁটা বিজয়ীগৰাকীৰ স্বাস্থ্যক লৈ গভীৰভাৱে উদ্বিগ্ন বুলি কয় ।

লগতে পঢ়ক: Hamas israel war: আকাশ মাৰ্গেৰে গাজাৰ শৰণাৰ্থী শিবিৰত অব্যাহত ইজৰাইলৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.