ETV Bharat / state

Prachand LCH : মিছামাৰী বায়ুসেনাৰ ঘাটিলৈ প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰ

author img

By

Published : Dec 8, 2022, 1:19 PM IST

Updated : Dec 8, 2022, 1:48 PM IST

Prachand
Prachand

তেজপুৰ মিছামাৰী বায়ুসেনাৰ ঘাটিত সংযোজিত হ'ব প্ৰচণ্ড (Prachand) লাইট কম্বেট হেলিকপ্টাৰ (LCH) । এই হেলিকপ্টাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্গা পূজাৰ সময়ত ৰাজস্থানৰ যোধপুৰাত মুকলি কৰিছিল আৰু নিজে হেলিকপ্টাৰখনত উঠি শুভাৰম্ভ কৰিছিল ।

তেজপুৰ, ৮ ডিচেম্বৰ : ভাৰতীয় বায়ুসেনাত (Indian Airforce) শেহতীয়াকৈ সংযোজিত নিজ দেশত নিৰ্মিত 'প্ৰচণ্ড' (Prachand) লাইট কম্বেট হেলিকপ্টাৰ (LCH) প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Line of actual control) ওচৰৰ ইষ্টাৰ্ণ কমাণ্ড এলেকাত অসমত সংযোজিত কৰা হৈছে । এই হেলিকপ্টাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্গা পূজাৰ সময়ত ৰাজস্থানৰ যোধপুৰাত মুকলি কৰিছিল আৰু নিজে হেলিকপ্টাৰখনত উঠি শুভাৰম্ভ কৰিছিল (Defance Minister Rajnath Singh) ।

আৰ্মী এভিয়েচনে এতিয়ালৈকে এনে হেলিকপ্টাৰ অধিগ্ৰহণ কৰিছে আৰু সেনাই কেইবাখনো হেলিকপ্টাৰ লাভ কৰিব বুলি জানিব পৰা গৈছে । বিশেষ সূত্ৰ মতে, বায়ুসেনাৰ অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীত এই হেলিকপ্টাৰৰ সংযোজন ৮ অক্টোবৰত অৰ্থাৎ বায়ুসেনা দিৱসৰ দিনা কৰা কথা আছিল ।

মিছামাৰী বায়ুসেনাৰ ঘাটিলৈ প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰ

আজি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়াই কয় যে ইতিমধ্যে এই হেলিকপ্টাৰ বায়ুসেনাই লাভ কৰিছে । অৱশ্যে কিমানখন হেলিকপ্টাৰ লাভ কৰিছে সেই বিষয়ে বিতংকৈ জনোৱা নাই । আনহাতে, ইতিমধ্যে মিছামাৰী কেম্পত দুখন প্রচণ্ড হেলিকপ্টাৰ আহি পোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, হিন্দুস্তান এৰোনেটিক্স লিমিটেডৰ (Hindustan Aeronautics Limited, HAL) দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা প্ৰথমখন থলুৱা মাল্টি-ৰ’ল কম্বেট হেলিকপ্টাৰ হৈছে এল চি এইচ । উল্লেখ্য, মিছামাৰী বায়ুসেনাৰ শিবিৰত মাত্ৰ যোৱা বছৰতে এটা নতুন সেনা বিমান পৰিবহণ ব্ৰিগেডো স্থাপন কৰা হৈছিল । বাঙ্গালুৰুত চলিত বৰ্ষৰ জুন মাহত সেনাই প্ৰথমখন লাইট কম্বেট হেলিকপ্টাৰ স্কোৱাড্ৰন স্থাপন কৰিছিল । সেনাৰ প্ৰচণ্ড লাইট কম্বেট হেলিকপ্টাৰ হৈছে দেশত নিৰ্মিত প্ৰথমখন আক্ৰমণকাৰী ঘাটক হেলিকপ্টাৰ আৰু বিশেষভাৱে সেনাবাহিনীৰ বাবে প্ৰথম আক্ৰমণাত্মক হেলিকপ্টাৰ ।

সূত্ৰ অনুসৰি, বাঙ্গালুৰুত স্থাপন কৰা ৩৫১ নং আৰ্মী এভিয়েচন স্কোয়াড্ৰন অব আৰ্মী এভিয়েচনলৈ তিনিখন লাইট কম্বেট হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছিল । ইয়াৰ পিছত এই হেলিকপ্টাৰৰ স্কোৱাড্ৰনটো মিছামাৰীলৈ স্থানন্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । ৱালিয়াই বৃহস্পতিবাৰে জনায় যে এই হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ অতি উচ্চতাৰ পাহাৰৰ ওপৰেৰে সেনাই সঘনাই ব্যৱহাৰৰ বাবে প্ৰয়োজন হ'ব ।

লগতে পঢ়ক :Dwipen Baruah program at Nalbari : জুবিন গাৰ্গক লৈ কিয় অসন্তুষ্ট দ্বীপেন বৰুৱা ?

Last Updated :Dec 8, 2022, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.