ETV Bharat / state

Dwipen Baruah program at Nalbari : জুবিন গাৰ্গক লৈ কিয় অসন্তুষ্ট দ্বীপেন বৰুৱা ?

author img

By

Published : Dec 8, 2022, 11:32 AM IST

জুবিন গাৰ্গৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিলে কণ্ঠশিল্পী দ্বীপেন বৰুৱাই (Dwipen Baruah unhappy with Zubeen Garg)। নলবাৰীত সংগীতানুষ্ঠানৰ মাজতে উদ্বেগ প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে । কিন্তু জুবিন গাৰ্গে কি ভুল কৰিলে ?

Dwipen Baruah
জুবিন গাৰ্গক লৈ কিয় অসন্তুষ্ট দ্বীপেন বৰুৱা

নলবাৰী,৮ ডিচেম্বৰ : যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গক লৈ অসন্তুষ্ট বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা (Dwipen Baruah unhappy with Zubeen Garg)। জুবিন গাৰ্গক বিশেষ পৰামৰ্শও দিলে দ্বীপেন বৰুৱাই । অনুষ্ঠানৰ মাজতে ক্ষোভ প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে ।

উল্লেখ্য যে বুধবাৰে ড৹ বি আৰ আম্বেদকাৰৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে নলবাৰী চহৰৰ গোল পাৰ্কত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল (Dr BR Ambedkar death anniversary)। য'ত জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাই গীত পৰিৱেশন কৰে । সংগীতানুষ্ঠানৰ মাজতে জুবিন গাৰ্গৰ বিৰুদ্ধে সৰৱ হৈ পৰে কণ্ঠশিল্পীগৰাকী (Dwipen Baruah slams Zubeen Garg)। তেওঁৰ মতে জুবিন গাৰ্গে একাংশ গীতত শব্দ আৰু কথা ভুলকৈ গাইছে ।

জুবিন গাৰ্গক লৈ অসন্তুষ্ট বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা

পুৰণি গীতবোৰ নতুনকৈ গোৱাৰ লগতে কিছু নতুনত্ব দিব বিচৰাৰ বাবে তেওঁ জুবিন গাৰ্গক আদৰণি জনাইছে । কিন্তু সেই গীতটোৰ গীতিকাৰ জীয়াই থকা অৱস্থাত ভুলকৈ গোৱাটো উচিত নহয় বুলি উদ্বেগ প্ৰকাশ কৰে কণ্ঠশিল্পীগৰাকীয়ে । সেয়ে পুৰণি গীতবোৰ গোৱাৰ পূৰ্বে সেই দিশবোৰ চাবলৈ জুবিন গাৰ্গক আহ্বান জনায় দ্বীপেন বৰুৱাই । বিশেষকৈ গীতিকাৰ এলি আহমেদে লিখা এটি গীতৰ কথা ভুলকৈ গোৱা বুলি জুবিন গাৰ্গৰ বিৰুদ্ধে অভিযোগ কৰে কণ্ঠশিল্পীগৰাকীয়ে ।

তেনেদৰে ভুলকৈ গালে গীতিকাৰক অশ্ৰদ্ধা কৰাৰ নিচিনা হয় । সেয়েহে সেইসকল গীতিকাৰৰ কাষলৈ গৈ গীতসমূহ শুদ্ধকৈ লিখি গালে ভাল লাগে বুলি কয় দ্বীপেন বৰুৱাই । দ্বীপেন বৰুৱাই নিজে গোৱা দুই এটা গীতৰো শব্দ ভুলকৈ গোৱা বুলি জুবিন গাৰ্গক সমালোচনা কৰে কণ্ঠশিল্পীগৰাকীয়ে । ইফালে অনুমতি অবিহনে গীতসমূহ নতুনকৈ গোৱাৰ বাবেও তেওঁ উদ্বেগ প্ৰকাশ কৰে ।

তেওঁৰ মতে এনেবোৰ কাৰ্যত তেওঁ অসন্তুষ্ট হৈছে । ভৱিষ্যতে এনে ভুল নকৰিবলৈ জুবিন গাৰ্গক পৰামৰ্শ দিয়ে কণ্ঠশিল্পীগৰাকীয়ে । ইফালে নলবাৰীৰ অনুষ্ঠানত উপস্থিত থাকি নৱ প্ৰজন্মৰ কণ্ঠশিল্পীসকলকো মেলোডী গীত গাবলৈ তেওঁ আহ্বান জনায় । বৰ্তমান প্ৰস্তুত কৰা কিছুমান গীত ক্ষন্তেকীয়া । আনহাতে মেলোডী গীতবোৰ চিৰস্থায়ী বুলিও কয় কণ্ঠশিল্পী দ্বীপেন বৰুৱাই ।

লগতে পঢ়ক :Strange incident of ITI authorities: শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.